নগাঁও : ভোগালী বিহুৰ পূৰ্বে চৰকাৰক পাব লগীয়া দৰমহা আৰু বকেয়া ধন মুকলি কৰি দিয়াৰ দাবী জনাই মঙলবাৰে নগাঁৱৰ প্ৰেছক্লাবত সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থায়ে এখন সংবাদমেল সম্বোধন কৰে।

সন্থাৰ মুখপাত্ৰ ইণ্টু কাকতিয়ে কয় যে সমগ্ৰ অসমত চাৰি হাজাৰৰো অধিক মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক-শিক্ষয়িত্ৰীয়ে যোৱা বছৰৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ দৰমহা তথা পাবলগীয়া বকেয়া ধন লাভ কৰা নাই।

শিক্ষক-শিক্ষয়িত্ৰীসকলে পাবলগীয়া দৰমহা আৰু বকেয়া ধন ভোগালী বিহুৰ পূৰ্বে মুকলি কৰি দিয়াৰ লগতে ২০২০ বৰ্ষৰ ১ জুলাই আৰু ১৩ আগষ্টত প্ৰকাশ কৰা চৰকাৰী জাননীৰ দফাসমূহ শীঘ্ৰে ৰূপায়ন কৰিবলৈ অনুৰোধ জনাইছে।

সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থায়ে আজিৰ সংবাদমেলত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে কয় যে যদি অসম চৰকাৰে ঠিকাভিত্তিক শিক্ষক শিক্ষয়ত্ৰীসকলক পাবলগীয়া দৰমহা আৰু বকেয়া ভোগালী বিহুৰ পূৰ্বে আদায় নকৰে তেনেহলে এই শিক্ষকসকলৰ ভোগালী বিহুৰ পৰিৱৰ্তে কঙালী বিহু পালন কৰিব লাগিব বুলি কয়।

লগতে পঢ়ক – Transplant of pig heart into human body চিকিৎসা বিজ্ঞানৰ চমৎকাৰ! মানৱ দেহত গাহৰিৰ কলিজা সফলতাৰে প্ৰতিষ্ঠাপন; গঢ়িলে ইতিহাস

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply