গুৱাহাটী: অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে আজি এক অভিযান চলাই উৎকোচ গ্ৰহণৰ অপৰাধত অসম লিগেল মেট্ৰোলজীৰ নিয়ন্ত্ৰক শচীন্দ্ৰ নাথ বৈশ্যক আটক কৰে।

বিষয়া গৰাকীয়ে পূৰ্বতে দাবী কৰা ২৫,০০০ টকাৰ উৎকোচ গ্ৰহণ কৰা সময়তে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে তেওঁক হাতে-লোটে ধৰা পেলায়।

প্ৰাপ্ত তথ্য মতে নাথক দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে গুৱাহাটী মহানগৰীৰ উলুবাৰীৰ ৰামকৃষ্ণ মিছন পথস্থিত তেওঁৰ কাৰ্যালয়ৰ পৰা আটক কৰে।

আনহাতে, অভিযানকাৰী দলটোৱে বিষয়া গৰাকীৰ কাৰ্যালয় আৰু বাসগৃহত অভিযান চলায় ক্ৰমে ৩,২৩,৮৫০ আৰু ৩,১৯,০০০ টকা জব্দ কৰে।

সম্প্ৰতি বিষয়টোৰ তদন্ত চলাই থকা হৈছে, পৰৱৰ্তী তদন্তত অধিক তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক – দুই তামিল যুৱকৰ মৃত্যু, ভাৰত-ম্যানমাৰ সীমান্তত উত্তেজনা অব্যাহত; সান্ধ্যআইন জাৰি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply