নিউজ ডেস্কঃ অসমত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। বৃহস্পতিবাৰে ৰাজ্যত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৩২জন লোক। ইফালে, উক্ত দিনটোত ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৫৭জনকৈ লোক সুস্থ হৈছে বুলি জানিব পৰা গৈছে।

ভাল খবৰ যে, বৃহস্পতিবাৰে ৰাজ্যত এজনো ব্যক্তিৰ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই। ইফালে, অসমত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত সকলৰ ভিতৰত ১৪জন কামৰূপ মেট্ৰ’ৰ, ৫জন ধেমাজিৰ, দুজন বাক্সাৰ আৰু ২জন কামৰূপ গ্ৰাম্যৰ।

উল্লেখযোগ্য যে, এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩১৯জন ৰোগী। আনহাতে, আজিৰ দিনটোত ৰাজ্যত পজিটিভিটী হাৰ ০.৮৯ শতাংশ আৰু আৰোগ্যৰ হাৰ ৯৮.৮৫ শতাংশ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply