গুৱাহাটী: এটা ১.৪৫ কোটি টকাৰ বৃহৎ দুৰ্নীতি আৰু ৰাজহুৱা পুঁজিৰ অপব্যৱহাৰৰ গোচৰৰ তদন্তৰ ক্ষেত্ৰত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, উজনি অসমস্থিত অতিৰিক্ত মুখ্য অভিযন্তাকে ধৰি বিভাগটোৰ শীৰ্ষ বিষয়াসকলৰ বিৰুদ্ধে চৰম অৱহেলাৰ অভিযোগ উঠিছে।
উল্লেখ্য যে শিৱসাগৰ জিলাৰ ৰঘুবাৰী গাঁৱত খহনীয়া-বিৰোধী আঁচনি ৰূপায়ণৰ নামত অহা পুঁজিত দুৰ্নীতি সংঘটিত হোৱা অভিযোগ উঠিছিল।
প্ৰাপ্ত তথ্য অনুসৰি, জলসম্পদ বিভাগৰ উজনি অসম মণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তাই পুণ্যধৰ কলিতা আৰু উপেন বৰঠাকুৰ নামৰ দুজন ঠিকাদাৰক শিৱসাগৰ জিলাৰ এক ডাঙৰ মথাউৰিৰ মেৰামতি আৰু সুৰক্ষাৰ কাম সম্পূৰ্ণ কৰাৰ ঠিকা দিছিল (work order No ACE/WR/SIB/NIT-201/2010/32 Dated 17.07.21)।
উক্ত আঁচনিখনৰ নাম আছিল “Immediate measures for restoration of a breach like damages at Raghubari Reach II on dyke Dikhow Bund L/B from Namdung outfall to Dikhowmukh under SDRF for 2019-20″। খহনীয়া-বিৰোধী আৰু মথাউৰি মেৰামতি সম্পূৰ্ণ কৰাৰ বাবে এছ.ডি.আৰ.এফ আঁচনিখনক দুমাহৰ সময়সীমা প্ৰদান কৰা হৈছিল।
২০২১ চনৰ ডিচেম্বৰত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই আধাৰশিলা স্থাপন কৰা আঁচনিখনৰ ছমাহ পাৰ হৈ যোৱাৰ পিছতো ৫০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠা নাই।
আঁচনিখনত মথাউৰিত দুৰ্ঘটনা প্ৰতিহত কৰাৰ উদ্দেশ্যে ৮৮ টা আৰ চি চি বাউণ্ডেৰি পিলাৰৰ ব্যৱস্থা ৰখা হৈছিল যদিও বাস্তৱত এটাও পিলাৰ নিৰ্মাণ হৈ উঠা নাই।
কেইবাজনো স্থানীয় লোকে (ভদ্ৰেশ্বৰ শইকীয়া, প্ৰদীপ বৰঠাকুৰ, বিপুল শইকীয়া আৰু পৰমা বৰা) গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনত, জলসম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ ইন্দ্ৰ নাথ গগৈ আৰু তেওঁৰ অধীনৰ কেইগৰাকীমান কৰ্মচাৰীৰ লগতে একাংশ দুৰ্নীতিগ্ৰস্ত অভিযন্তাৰ বিৰুদ্ধে দুৰ্নীতি আৰু ৰাজহুৱা পুঁজিৰ অপব্যৱহাৰৰ অভিযোগৰ লগতে আঁচনিখনৰ আৰম্ভণিৰে পৰা কৰ্তব্য পালনত সম্পূৰ্ণ গাফিলতিৰ অভিযোগ আনিছিল।
পৰমা নন্দা বৰাই নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়ে গোটেই বিষয়টোৰ এটা উচিত তদন্ত হ’ব লাগে বুলি কয়।
আনহাতে, শিৱসাগৰৰ উপায়ুক্ত গৰাকীয়ে দিখৌমুখ, গৌৰীসাগৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক বানপানীৰ ভাবুকিৰ পৰা সুৰক্ষিত কৰিবলৈ এছ ডি আৰ এফ আঁচনিৰ কামবোৰ সঠিকভাৱে ৰূপায়ণ কৰা হৈছে নে নাই সেয়া পৰীক্ষা কৰিবলৈ কোনো জ্যেষ্ঠ বিষয়া প্ৰেৰণ নকৰি গোচৰটোত জড়িত বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত নৰম স্থিতি প্ৰদৰ্শন কৰা বুলি আবেদনকাৰীসকলে অভিযোগ কৰে।
“আমি তিনি মাহ আগতে শিৱসাগৰৰ উপায়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছিলো, কিন্তু তেওঁ এতিয়ালৈকে তদন্তৰ কোনো নিৰ্দেশ দিয়া নাই,” ৰঘুবাৰীৰ এজন গাওঁবাসীয়ে কয়।
আবেদনকাৰীসকলে আৰটিআইৰ জৰিয়তে সংশ্লিষ্ট বিভাগৰ পৰা আঁচনিখনৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আঁচনিখনৰ বিতং প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) আৰু বাস্তৱত সম্পাদন কৰা কামৰ মাজত থকা বিশাল ব্যৱধান পৰীক্ষা কৰিছিল।
চৰকাৰী তথ্যঅনুসৰি মুখ্য অভিযন্তাজনে ২০২২ চনৰ ২ এপ্ৰিলত উজনি অসম মণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তাক বিষয়টো চোৱা-চিতা কৰিবলৈ আৰু অভিযোগসমূহৰ বিৰুদ্ধে প্ৰতিবেদন অসম চৰকাৰৰ ওচৰত দাখিল কৰাৰ দায়িত্ব দিছিল।
বিষয়টো যথেষ্ট গুৰুতৰ কিয়নো গুৱাহাটীস্থিত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ পৰা ডিব্ৰুগড়স্থিত বিভাগটোৰ অতিৰিক্ত মুখ্য অভিযন্তালৈ জাৰী কৰা (No. WR(ED) Tech/7867/2022/02 date:02.04.2022) পত্ৰত “চৰকাৰী পুঁজিৰ অপব্যৱহাৰ” বুলি উল্লেখ কৰা হৈছিল হৈছিল।
ডিপিআৰ ৰিপৰ্ট অনুসৰি মথাউৰি সম্প্ৰসাৰণ ৪.৫ মিটাৰলৈকে হ’ব লাগিছিল যদিও সেয়া কৰা নহ’ল। ৰঘুবাৰীৰ কেইবাজনো লোকে অভিযোগ কৰা মতে ফিল্টাৰ নলাবোৰ বোকা আৰু শিলেৰে ভৰি আছিল।
গাঁৱৰ লোকসকলে ঠিকাদাৰৰ বিৰুদ্ধে বিভাগৰ বিষয়াসকলৰ সৈতে মিলি খহনীয়া নিয়ন্ত্ৰণৰ বাবে নিৰ্ধাৰিত পুঁজি আত্মসাৎ কৰাৰ অভিযোগ আনি কয় যে সেইবাবেই গোচৰটোৰ তদন্তত ইমান পলম হৈছে।
লগতে পঢ়ক – ছিপাঝাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুর্ঘটনা