নিউজ ডেস্ক – কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। এইবাৰৰ ফলাফলত ছাত্ৰ একতা সভাৰ বেছিভাগ পদতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰা দেখা যায়।
ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ পদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী অভিষেক মহন্তই জয়লাভ কৰে। অভিষেক মহন্তই ১৩৫৯টা ভোট লাভ কৰাৰ বিপৰীতে ঋষিকেশ মেধিয়ে ১০০৩টা ভোট আৰু আছুৰ সমৰ্থিত প্ৰাঞ্জল সোণাৱালে লাভ কৰিছে ৯৮১টা ভোট লাভ কৰে।
অভিষেক মহন্ত কটন বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ নাথ ডেকাফুকন ছাত্ৰাৱাসৰ আৱাসী।
আনহাতে, সভাপতি পদত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী নিয়ৰ ডেকাই বিজয় সাব্যস্ত কৰে।
উপ সভাপতি পদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী হীনা দেউৰীৰ আৰু সহকাৰী সাধাৰণ সম্পাদক পদত জুমী গগৈ জয়ী হয়। ইয়াৰ উপৰি লঘু খেল, ছাত্ৰী জিৰণি কোঠা, কোৰ্ট মেম্বাৰ পদসমূত ছাত্ৰ মুক্তিৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ।
সাংস্কৃতিক সম্পাদক পদত চন্দ্ৰজ্যোতি বণিয়াৰ জয় লাভ কৰাৰ লগতে ক্ৰিকেট শাখাৰ সম্পাদক পদত নয়মমণি কলিতাৰ জয়লাভ কৰে।
‘কটনিয়ান’ৰ সম্পাদক পদত আছু সমৰ্থিত শাশ্বতী প্ৰিয়দৰ্শিনী জয়লাভ কৰে।
উল্লেখযোগ্য যে, এইবাৰ নিৰ্বাচনত ৩,৪২৭গৰাকী শিক্ষাৰ্থীয়ে ভোটাদান কৰিছিল।
লগতে পঢ়ক – অসমত প্ৰথমটো অ’মিক্ৰণৰ কে’চ চিনাক্ত