প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক– পুনৰ আৰম্ভ হৈছে কৰোণা ভাইৰাছৰ সংক্ৰমণ।

যোৱা বৰ্ষৰ ২২মাৰ্চত কভিড সংক্ৰমণৰ বাবে কেন্দ্ৰচৰকাৰে জনতা কাৰ্ফিউ ঘোষণা কৰিছিল।

এবছৰৰ এই সন্ধিক্ষণত পুনৰ সমগ্ৰ ভাৰততে আকৌ আৰম্ভ হৈছে কভিডৰ তাণ্ডৱ।

ভাৰতৰ কোনো কোনো ঠাইত ইতিমধ্যে চৰকাৰে লকডাউন ঘোষণা কৰিছে।

অসমতো পুনৰ আৰম্ভ হৈছে কৰোণাৰ সংক্ৰমণ। আকৌ ৩০জনৰ দেহত ধৰা পৰিছে কৰোণা ভাইৰাছ।

ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮০০৬জনলৈ পাইছে বৃদ্ধি।

ৰাজ্যখনত সোমবাৰে সুস্থ হয় ২২জন লোক। অসমত আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৫২৩৫জনলৈ বৃদ্ধি পাইছে।


সোমবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত এজনৰ মৃত্যু হোৱাৰ খবৰে ৰাজ্যবাসী উদ্বিগ্ন হৈ পৰিছে।
মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমানলৈ ১১০১জনলৈ বৃদ্ধি পাইছে।

আনহাতে, চিকিৎসাধীন হৈ আছে ৩২৩জন ৰোগী।

আৰু পঢ়কঃ কোকৰাঝাৰত মাৰণাস্ত্ৰ উদ্ধাৰ


আনহাতে বিগত ২৪ঘন্টাত ভাৰতত ৪০হাজাৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোনাত।

৪০হাজাৰ ৭১৫গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত বিগত ২৪ঘন্টাত এইসময়খিনিত ২৯হাজাৰ ৭৮৫গৰাকী লোক সুস্থ হৈছে।


১৯৯গৰাকী ৰোগীৰ মৃত্যু হৈছে বিগত ২৪ঘন্টাত। উল্লেখ্য যে, বৰ্তমানলৈ ৪কোটি ৮৪লাখ ৯৪হাজাৰ ৫৯৪গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন।

আৰু পঢ়কঃ হিমন্ত বিশ্ব শৰ্মা জীৱনত মুখ্যমন্ত্ৰী হ’ব নোৱাৰে,তেওৰ ভাগ্যও নাই,যোগ্যতাও নাই: হাগ্ৰামা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply