নিউজ ডেস্কঃ অসমত তীব্ৰভাৱে কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাইছে। ২৪ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে ৪৭৫ গৰাকীকৈ লোক।

এই পৰিস্থিতিত ৰাজ্যত আকৌ লকডাউন হ’ব নেকি এই সন্দৰ্ভত বিভিন্ন মহলত পুনৰ চৰ্চা চলিছে।

ৰাজ্যত কৰ’নাই এইবাৰ ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে নেকি ইয়াকে লৈ চৰকাৰে পুনৰ চিন্তাচৰ্চা আৰম্ভ কৰিছে।

বহুতেই পুনৰ লকডাউনৰ সম্ভাৱনাৰ কথা কৈছিল। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সম্ভাৱনাক নস্যাত কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক সময়ত কৰোনা ভয়াবহতাক লৈ  কয়,” লকডাউন ঘোষণাৰ কোনো সম্ভাৱনা নাই। কৰ’নাৰ সংক্ৰমণ বৃদ্ধিৰ লগতে দেশত অমিক্ৰন তীব্ৰ বেগেৰে সংক্ৰমণ ঘটিছে। এনে পৰিস্থিতিত কিছু নীতি, নিয়মৰ মাজেৰে আগবাঢ়িব লাগিব।লকডাউন বা জীৱিকাৰ ওপৰত অসুবিধা নোহোৱাকৈ আগবাঢ়িব লাগিব।

অমিক্ৰনৰ ভয়াবহতা কিছু বৃদ্ধি পাইছে।কৰ’নাৰ ঘটনা বৃদ্ধি পোৱাৰ পৰা ক’ব পাৰি যে তৃতীয় ঢৌ অহাৰ পথত।সেয়েহে এই সম্পৰ্কে কাইলৈ গুৱাহাটীত এক বৈঠক অনুষ্ঠিত হ’ব।এই বৈঠকতে অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগ কিদৰে আগবাঢ়িব সেই সম্পৰ্কে সিদ্ধান্ত লোৱা হ’ব।”

শেহতীয়াকৈ অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত ৫ জনকৈ লোকৰ দেহত ধৰা পৰিছে অমিক্ৰনৰ উপস্থিতি। ইয়াৰে আকো এজন অসমৰ। মেঘালয় ভ্ৰমণ কৰা অসমৰ ১৩ বছৰীয়া এটা কিশোৰৰ দেহত ধৰা পৰিছে অমিক্ৰনৰ উপস্থিতি।

লগতে পঢ়কঃচৰাইদেউ জিলাত ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

মেঘালয়ত অমিক্ৰনত আক্ৰান্তৰ তথ্য পোহৰলৈ অহা অসমৰ কিশোৰগৰাকী ৰাজ্যখনৰ পৰা অসমলৈ ঘূৰি আহিছে বুলি খবৰ পোৱা গৈছে। গতিকে এনে পৰিস্থিতিত স্বাভাৱিকতে উদ্বেগৰ সৃষ্টি হৈছে।

যোৱা ২৪ ঘণ্টাত দেশত ৫৮,০৯৭ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে ৫৩৪ গৰাকী লোকৰ মৃত্যু হৈছে। এই সময়ত অৱশ্যে ১৫,৩৮৯ গৰাকী লোক কোভিডক জয় কৰিছে।

ইফালে দেশত যোৱা ২৪ ঘণ্টাত অমিক্ৰন আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে। বৰ্তমান দেশত ২,১৩৫ জন লোক অমিক্ৰনত আক্ৰান্ত হৈ আছে। এইদৰে দেশত ক’ৰোনাৰ লগতে নতুন প্ৰকাৰ অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বহু ৰাজ্যত বহু প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,464 other subscribers

Leave a comment

Leave a Reply Cancel reply