নিউজ ডেস্ক : ৰাজ্যত জাৰি কৰা হৈছে নতুন ক’ভিড এছ অ’ পি। মঙলবাৰে অসম চৰকাৰে জাৰি কৰা উক্ত এছ অ’ পি অনুসৰি এতিয়াৰ পৰা সান্ধ্য আইনৰ সময়সীমা নিশা ১১ বজালৈ বৃদ্ধি কৰা হৈছে।

সেই অনুসৰি এতিয়াৰ পৰা ৰাজ্যত পূৰ্বৰ ১০ বজাৰ ঠাইত নিশা ১১ বজাৰ পুৱা ৫ বজালৈ সান্ধ্য আইন প্ৰযোজ্য হ’ব।

আনহাতে, ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ নিশা ১০ বজালৈকে খোলা ৰাখিব পাৰিব বুলি এছ অ’ পিত কোৱা হৈছে। তদুপৰি ৭ দিনত ১০ জনতকৈ অধিক ক’ভিড পজিটিভ ৰোগী ওলোৱা অঞ্চলক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হ’ব বুলি কোৱা হৈছে।

অৱশ্যে সান্ধ্য আইনৰ সময়ৰ বাহিৰে বাকী নিয়মসমূহ পূৰ্বৰ এছ অ’ পি মতে বাহাল থাকিব।

উল্লেখযোদ্য যে ৰাজ্যত দূৰ্গা পূজাৰ পিছত ক’ভিডৰ সংক্ৰমণ কিছু বৃদ্ধি পোৱাত পুনৰ লকডাউন হ’ব বুলি চৰ্চা চলাাৰ মাজতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই লকডাউনৰ সমম্ভাৱনা অস্বীকাৰ কৰিছে।

সংবাদ মাধ্যমৰ আগত এই সম্পৰ্কত মুখ্য মন্ত্ৰীয়ে ৰাজ্যত সম্প্ৰতি লকডাউনৰ কোনো পৰিস্থিতি সৃষ্টি হোৱা নাই বুলি মন্তব্য কৰে।

অৱশ্যে ৰাজ্যত এতিয়াও প্ৰায় ১০-১২ লাখ লোকে ক’ভিডৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে সেই লোকসকলক সোনকালে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক : ৰাজ্যত পুনৰ ৮ কোটি টকাৰ হেৰোইন জব্দ; ২ জনক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply