নিউজ ডেস্কঃ ক’ভিডৰ তৃতীয় ঢৌৱে আকৌ চানি ধৰাৰ উপক্ৰম হৈছে অসম। দৈনিক বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। দৈনিক সংক্ৰমণ বৃদ্ধিৰ ঘটনাই অসমৰ স্বাস্থ্যখণ্ডলৈও সংকট কঢ়িয়াই আনিছে।সোমবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে  ৬,৯৮২জন ।

ৰাজ্যত কৰা ৬৪,৯১৯টা ক’ভিড পৰীক্ষাত এইসকল আক্ৰান্ত চিনাক্ত হয়। পজিটিভিটিৰ হাৰ ১০.৭৫ শতাংশলৈ বৃদ্ধি পাইছে। সোমবাৰে  ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ১১জনে । কামৰূপ মেট্ৰ’ত ১৪৯১জন আক্ৰান্ত চিনাক্ত হৈছে।

লগতে পঢ়কঃচাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ধন আত্মসাৎ

বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ২লাখ ৩৮হাজাৰ ১৮গৰাকী। এই সময়চোৱাত ৩১০গৰাকী লোকৰ মৃত্যু হৈছে। ২৪ঘন্টাত সুস্থ হৈছে ১লাখ ৫৭হাজাৰ ৪২১গৰাকী ৰোগী। বৰ্তমান দেশত ১৭লাখ ৩৬হাজাৰ ৬২৮গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে। ইফালে অমিক্ৰণত আক্ৰান্তৰ সংখ্যা ৮,৮৯১গৰাকী। দেশত কোৰোনা পজিটিভিটিৰ হাৰ ১৪.৪৩শতাংশ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply