গুৱাহাটীঃ ৰাজ্যবাসীৰ বাবে সুখবৰ। অসমত হ্ৰাস পাইছে কোভিডত আক্ৰান্তৰ হাৰ। লগতে কোভিডৰ পৰা আৰােগ্যৰ হাৰ ৯৮.৩২% লৈ বৃদ্ধি পাইছে।

ৰাজ্যখনত‌ যােৱা ২৪ ঘণ্টাত ৪৬৭ জন কোভিড ৰােগী সুস্থ হৈ উঠে৷ ৰাজ্যখনত বিগত ২৪ ঘণ্টাত ৪৪,২৭২ টা নমুনাৰ পৰীক্ষাৰ অন্তত ৩০০জন লােকৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে।  ৰাজ্যখনত কালি সংক্রমণৰ হাৰ আছিল 0.৬৮ শতাংশ।

লগতে পঢ়কঃভয়ংকৰ ভূমিকম্পত কঁপিল পাকিস্তান: নিহত ২০জন

ৰাজ্যখনত সম্প্রতি ২,৮৯৮ জন চিকিৎসাধীন কোভিড ৰােগী আছে। অসমত কালিৰ দিনটোত কোভিডত আক্রান্ত হৈ ৬ জন লােকে প্রাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যখনত এতিয়ালৈকে এই ৰােগত মৃত্যু হােৱা লােকৰ সংখ্যা ৫,৯০৩ হৈছেগৈ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে বুধবাৰে ৬০ লাখতকৈ অধিক পালি দিয়া হয়। ভাৰতে বর্তমানলৈকে ক’ভিড ভেকচিনৰ ৯২ কোটি ৬০ লাখতকৈ অধিক পালি প্রদান কৰি বিশেষ সাফল্য অর্জন কৰিছে। ইয়াৰে ভিতৰত ৬৬ কোটি ৯৩ লাখতকৈ অধিক লােকক প্রথম পালি প্রদান কৰাৰ বিপৰীতে ২৫ কোটি ৬৬ লাখতকৈ অধিক লােকে দ্বিতীয় পালি গ্ৰহণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply