নিউজ ডেস্কঃশাৰদীয় দুৰ্গা পূজাৰ পিছতেই ৰাজ্য়ত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা।মঙ্গলবাৰৰ দিনটোত অসমত কোভিডত আক্ৰান্ত হৈছে মুঠ ৩৫৩ গৰাকী ব্যক্তি। 

কালিৰ দিনটোত মুঠ ৩৯,৬৫৪ গৰাকী লোকৰ দেহত কোভিড পৰীক্ষা কৰা হৈছিল। সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ০.৮৯ শতাংশ।

ৰাজ্যখনত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১৫২ গৰাকী, বৰপেটাত ৩০ গৰাকী, যোৰহাটত ২৮ গৰাকী, কাছাৰত ১৮ গৰাকী লোকৰ দেহত নতুনকৈ ধৰা পৰিছে কোভিড১৯ ৰ ভাইৰাছ।

লগতে পঢ়কঃনাম সলনি কৰা হ’ব ফে’চবুকৰ?

এইদৰেই কোভিডত আক্ৰান্তৰ হাৰ বৃদ্ধি হৈ থাকিলে কোভিড পৰিস্থিতিক লৈ অহা এটা সপ্তাহৰ ভিতৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে অসম চৰকাৰে। অসমত আকৌ ঘোষণা হ’ব পাৰে লকডাউন। আনহাতে হ্ৰাস পাব পাৰে সান্ধ্য আইনৰ সময়সীমা। মঙলবাৰে এই ইংগিত প্ৰদান কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

সমগ্ৰ ভাৰতত ২৪ঘন্টাৰ ভিতৰত ১৪,৬২৩জন লোক কোভিডত আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে ১৯৭জনৰ। আনহাতে, ২৪ঘন্টাৰ ভিতৰত ১৯,৪৪৬ গৰাকী লোক কোভিডৰ পৰা আৰোগ্য হৈছে।

বৰ্তমানলৈকে কোভিডত আক্ৰান্ত হোৱা সক্ৰিয় ৰোগীৰ সংখ্য়া ১,৭৮,0৯৮গৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,500 other subscribers

Leave a comment

Leave a Reply