নিউজ ডেস্কঃ অসমত সোমবাৰৰ দিনটোত ২৯৮জন কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে ১০৩জন কামৰূপ মেট্ৰ’ৰ, ৩৪জন যোৰহাটৰ, ১৭জন কামৰূপ গ্ৰাম্য আৰু লখিমপুৰৰ ১৪জন। এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৬০৬৭৬৬জনলৈ বৃদ্ধি পাইছে।
ইফালে, সোমবাৰৰ দিনটোত সুস্থ হয় ২৬৬জন লোক। আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৭জন লোকৰ মৃত্যু হৈছে। ভাৰতত লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ।
লগতে পঢ়কঃ২০ মাহৰ মূৰত ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে শ্ৰেণীকোঠাৰ পাঠদান
যোৱা ২৪ ঘন্টাত দেশত ১৩,০৫৮জন লোক কোৰোনাত আক্ৰান্ত। এই সময়চোৱাত ভাৰতত ১৯৪৭০জন সুস্থ হোৱাৰ বিপৰীতে ১৬৪জনৰ মৃত্যু হয়। এতিয়াও দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৮৩১১৮জন ৰোগী।
উল্লেখ্য যে, এতিয়ালৈকে ভাৰতত মুঠ ৯৮৬৭৬৯৪১১জন লোকক কোভিড ভেকচিন প্ৰদান কৰা হৈছে।