গুৱাহাটীঃ ৰাজ্যত শেহতীয়াকৈ পুনৰ বহুতো লোক নতুনকৈ কোভিডত আক্ৰান্ত হোৱাত পুনৰ চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ। শাৰদীয় দুৰ্গা পূজাৰ পাছতেই বহুজন আকৌ আক্ৰান্ত হৈছে কোভিডত। সপ্তমী, অষ্টমীত অসমত কোৰোনাৰ পজিটিভি হাৰ প্ৰায় দুগুণ বৃদ্ধি পাইছিল।
প্ৰতিদিনেই কোভিডত আক্ৰান্ত হোৱা লোকৰ মৃত্যুৰ খবৰো আহিছে।অসমত আকৌ ঘোষণা হ’ব পাৰে লকডাউন।আনহাতে হ্ৰাস পাব পাৰে সান্ধ্য আইনৰ সময়সীমা।আজি এই ইংগিত প্ৰদান কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
লগতে পঢ়কঃফুলগুৰি ধেৱাৰ শ্বহীদ কৃষকৰ স্মৃতিত কংগ্ৰেছৰ সভা
কোভিড পৰিস্থিতিক লৈ অহা এটা সপ্তাহৰ ভিতৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে অসম চৰকাৰে। দুৰ্গা পূজাৰ পাছত এটা সপ্তাহ কোভিড পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিব চৰকাৰে । পৰিস্থিতি অৱনতি বা সংক্ৰমণ বৃদ্ধি পালে চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।