নতুন কেবিনেটৰ প্ৰথমখন বৈঠকৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে আজি ৰাজ্যৰ বিষয়াবৰ্গৰ সৈতে শেহতীয়া ক’ভিড সংক্ৰমণৰ সম্পৰ্কত আলোচনা কৰে ।
এই বৈঠকত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু তথ্য আৰু জনসংযোগ দপ্তৰৰ মন্ত্ৰী যোগেন মহনো উপস্থিত থাকে ।
জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাগৃহত অনুষ্ঠিত হয় এই বৈঠকৰ ।
মুখ্যসচিব জিষ্ণু বৰুৱা আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, কামৰূপ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৰ লগতে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহা সহ এন এইছ এমৰ বিষয়ববীয়াই অংশ লয় ।
ৰাজ্যত ক’ভিড সংক্ৰমণৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱা বিশেষকৈ মহানগৰীত দ্ৰুতহাৰত বৃদ্ধি পোৱা বিষয়টোক লৈ বিশেষ ভাবে আলোচনা কৰে ।
কালিৰ দিনটোতে ৰাজ্যত ৭৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৱাহাটী মহানগৰীত মৃত্যু হ’ল ৩০ জনৰ ।