টীয়ক : ক’ভিড সম্পৰ্কে ৰাইজক আৰু অধিক সজাগ আৰু সচেতন কৰাৰ আহ্বানেৰে টীয়কত ক’ভিড সজাগতামূলক গীত উন্মোচন কৰা হয়।

টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা আৰু টীয়কৰ শিল্পী সমাজৰ উদ্যোগত এই উদ্দেশ্যে টীয়ক আৰক্ষী থানাত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌভিক ভূঞা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডে গীতটি মুকলি কৰে। 

সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য জিতু নেওগৰ চিন্তা আৰু পৰিকল্পনাৰে গীতিকাৰ অশোক বৰাৰ ৰচিত তথা সুৰেৰে বাণীবদ্ধ গীতটোত কন্ঠদান কৰিছে ৰমেন শৰ্মাই আৰু পৰশ প্ৰতিম হাজৰিকাই সংগীত ব্যৱস্থাপনা কৰিছে।

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰন্টু ভূঞাই আঁত ধৰা গীত উন্মোচনী অনুষ্ঠানত টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়া, জ্যোতি বিদ্যাপীঠৰ অধ্যক্ষ্ প্ৰশান্ত কুমাৰ দাস, কণ্ঠশিল্পী বিনোদ ভকলিন, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ, টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সতিশ চাহু, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পবিত্ৰ বৰাকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।

লগতে পঢ়ক : কিদৰে অসমৰ এইটো অটোমোবাইল ছাৰ্ভিচিং কোম্পানিয়ে ৫০০,০০ মাৰ্কিন ডলাৰ গোটাব পাৰিলে?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply