মঙলবাৰে ৰাজ্যত ৬,২৫৮ গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰাৰ লগতে ক’ভিডত আক্ৰান্ত হৈ থকা ৮৫ গৰাকী ব্যক্তিৰ মৃত্যু হয়।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে দিয়া তথ্য অনুসৰি ৰাজ্যত কালিৰ দিনটোত ক’ভিড আক্ৰান্তৰ হাৰ আছিল ৯.১৩ শতাংশ।
সোমবাৰে অসমত ক’ভিড আক্ৰান্ত লোকৰ হাৰ আছিল ৮.০৪ শতাংশ শতাংশ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৭৭ গৰাকী।
কালি ৰাজ্যত ৬৮,৫৭২ গৰাকী ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।
লগতে পঢ়ক : অসমত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰাৰ দিশত মাৰাত্মক ক’ভিড
উল্লেখযোগ্য যে দেওবাৰ পৰ্য্যন্ত অসমত ১,৮৩৮ গৰাকী লোকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে।
কালি মৃত্যু হোৱা ৮৫ গৰাকী ব্যক্তিৰ ৩৫ গৰাকী কামৰূপ মহানগৰৰ, ৭ গৰাকীকৈ ডিব্ৰুগড়ৰ, ৬ গৰাকী নগাঁৱৰ, ৫ গৰাকী কামৰূপ গ্ৰাম্যৰ, ৪ গৰাকীকৈ বৰপেটা, শিৱসাগৰ আৰু শোণিতপুৰৰ, ৩ গৰাকীকৈ যোৰহাট আৰু তিনিচুকীয়াৰ, ২ গৰাকীকৈ কাচাৰ, গোৱালপাৰা, নলবাৰী আৰু হাইলাকান্দিৰ আৰু ১ গৰাকীকৈ বঙাইগাঁও, ধেমাজি, ধুবুৰী, গোলাঘাট, হোজাই আৰু কাৰ্বি আংলং জিলাৰ।
আনহাতে আক্ৰান্ত লোকৰ সংখ্যা কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১,৫৮৫ গৰাকী, ডিব্ৰুগড়ত ৫২৭ গৰাকী, ডিব্ৰুগড়ত ৫০৭ গৰাকী আৰু নগাঁৱত ৩১৩ গৰাকীকৈ ব্যক্তিৰ ক’ভিড ধৰা পৰে।
বৰ্তমান ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্য হৈছে ৩৬,০০৫ গৰাকী।