গুৱাহাটীঃ ৰাজ্যত দুৰ্গা পূজাৰ পিছৰে পৰা কোৰোণাৰ সংক্ৰমণ বৃদ্ধি পাইছে।

অসমত পুনৰ ৩২৪জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ৮৮জন কামৰূপ মেট্ৰ’ৰ, ৫০জন বৰপেটাৰ, ১৮জন যোৰহাটৰ আৰু ১৭জন কামৰূপ গ্ৰাম্যৰ। এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যত ৬০৮৪৫০জনলৈ পাইছে বৃদ্ধি। ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২১৯জন লোক। ইয়াৰে বিপৰীতে উক্ত দিনটোত অসমত কোৰোনাত আক্ৰান্ত ৩জনৰ মৃত্যু। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৬২১জন লোক।

লগতে পঢ়কঃসোণাৰিত আয়োজিত আন্ত:জিলা ফুটবল ৰণক্ষেত্ৰলৈ পৰিণত

বিগত ২৪ ঘণ্টাত দেশত ১৫ হাজাৰ ৯০৬জন লোক কোৰোণাত আক্ৰান্ত হৈছে। মৃত্যু হৈছে ৫৬১জন লোকৰ। কোৰোণাৰ নতুন আক্ৰান্তৰ সংখ্যাকে ধৰি এতিয়া দেশত মুঠ সংক্ৰমিত লোকৰ সংখ্যা ৩ কোটি ৪১ লাখ ৭৫ হাজাৰ ৪৬৮জন হৈছেগৈ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ মতে, দেশত এতিয়ালৈ কোৰোণাৰ ১ লাখ ৭২ হাজাৰ ৫৯৪টা সক্ৰিয় ঘটনা আছে। আনহাতে, ৩ কোটি ৩৫ লাখ ৪৮ হাজাৰ ৬০৫জন লোক সুস্থ হৈ উঠিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply