গুৱাহাটীঃ অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। বুধবাৰৰ দিনটোত ৰাজ্যত ১৩৩ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে দিনটোত ৰাজ্যত মৃত্যু হৈছে এজন ক’ভিড ৰোগীৰ। মঙলবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ৩.১৭ শতাংশ।
দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত বুধবাৰে ৪,১৯৯ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ১৩৩ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে বুধবাৰৰ দিনটোত এজন লোক ক’ভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে।
দিনটোত সৰ্বাধিক ৩০ জন লোক আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। কামৰূপ মহানগৰ জিলাৰ পিছতে ১৬ জন লোক নগাঁও জিলাত, ১০ জন লোক গোৱালপাৰা জিলাত, ৯ জন লোক শিৱসাগৰ জিলাত আৰু ৮ জন লোক আক্রান্ত হৈছে কামৰূপ গ্ৰাম্য জিলাত। বুধবাৰৰ দিনটোত ১৩৩ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ২,৯৭৭ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।
ইফালে বুধবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ৮১ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। ইফালে বুধবাৰৰ দিনটোত ৰাজ্যত মৃত্যু হোৱা ক’ভিড ৰোগীজন যোৰহাট জিলাৰ। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।