গুৱাহাটী : অসম ক্ৰিকেট সন্থাত বিত্তীয় খেলিমেলিৰ অভিযোগ। বিত্তীয় খেলিমেলিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদকক। মহানগৰীৰ ফটাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক।

অসম ক্ৰিকেট সন্থাত কোটিটকীয়া কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে। প্ৰয়া ৫০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে অসম ক্ৰিকেট সন্থাত। এই কেলেংকাৰীত নাম সাঙোৰ খাইছে প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইৰ।

অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে মহানগৰীৰ ফটাশিল আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে। অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই গোচৰ ৰুজু কৰিছে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে।

লগতে পঢ়ক  : এইবাৰ নলবাৰীৰ শিক্ষানুষ্ঠানত ক’ভিড আতংক

উক্ত গোচৰৰ ভিত্তিত ফটাশিল আৰক্ষীয়ে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে নিশাৰ ভাগত ফটাশিল আৰক্ষীয়ে টিংখাঙৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰদীপ বুঢ়াগোহাঁইক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply