বোকাখাত, উত্তম কুমাৰ শৰ্মা : বৃহস্পতিবাৰে বোকাখাতত শুভাৰম্ভ  কৰা হয় অসম চৰকাৰৰ নিম্নতম সমৰ্থন মুল্য (MSP)ৰ অধীনত ধান ক্ৰয় কেন্দ্ৰ। ইতিমধ্যে কেন্দ্ৰটোৰ জৰিয়তে মহকুমাটোৰ কৃষি কাৰ্যালয়ৰ অধীনত থলুৱা কৃষকৰ দ্বাৰা উৎপাদিত ৭৬০০ মেট্ৰিক টন ধান ক্ৰয় কৰা লক্ষ্য স্থিৰ কৰা হৈছে।

গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই বৃহস্পতিবাৰে বোকাখাতৰ খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে মুকলি কৰে উক্ত ধান ক্ৰয় কেন্দ্ৰটো।

অসম চৰকাৰৰ ধান ক্ৰয় আঁচনিৰ অধীনত মহকুমাটোৰ কৃষকৰ পৰা  ক্ৰয় কৰা প্ৰতি কুইণ্টল ধানৰ বিনিময়ত নিম্নতম মূল্য ১৯৪০ টকাকৈ প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে বোকাখাত মহকুমাৰ অধীনত ৭৬০০ মেট্ৰিক টন ধান FCI য়ে ক্ৰয় কৰাৰ উপৰিও গোলাঘাট জিলাৰ বিভিন্ন ঠাইৰ পৰা ১৬০০০ মেট্ৰিক টন ধান ক্ৰয় কৰিব অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে।

ইফালে একেটা অনুষ্ঠানতে মহকুমাটোৰ চাৰিজন কৃষকলৈ পাৱাৰ টিলাৰ বিতৰণ কৰে বোকাখাতৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply