সোমবাৰে হিমন্ত বিশ্ব শৰ্মাই অসমৰ পঞ্চদশ মুখ্য মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ দিনাই কাৰ্বি আংলং জিলাৰ সমীপৱৰ্তী নগাঁৱৰ মিকিৰ বামুণী গ্ৰাণ্টৰ বিবাদমান ভূমিত এটা বহুজাতিক সৌৰ-শক্তি প্ৰকল্প প্ৰতিষ্ঠানক সুৰক্ষা দিয়াৰ স্বাৰ্থত সামৰিক বাহিনী মোতায়েন কৰা হয়।
উল্লেখযোগ্য যে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত আৰু চামগুৰি ৰাজহ চক্ৰৰ অধীনস্থ মিকিৰ বামুণী গ্ৰাণ্টত প্ৰায় ৩৬টা থলুৱা কৃষক পৰিয়ালে যোৱা কেইবা দশকজুৰি খেতি কৰি অহা ২৮৭ বিঘা (৩৮ হেক্টৰ) ভূমি ২০১৯ চনত অসম চৰকাৰে আজ্যুৰ পাৱাৰ ফৰ্টি (Azure Power Forty) নামৰ দিল্লীৰ এটা ব্যক্তিগত কোম্পানিক সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে বিক্ৰি কৰিছিল।
২০২০ চনৰ মাৰ্চত উক্ত প্ৰতিষ্ঠানটোৱে প্ৰকল্প স্থাপনৰ বাবে মাটি অধিগ্ৰহণত নামি পৰে, ইয়াৰ পিছৰে পৰা আৰম্ভ হয় চৰকাৰ আৰু উক্ত কোম্পানিৰ বিৰুদ্ধে ভুক্তভোগী কৃষকৰ প্ৰতিবাদ আৰু প্ৰতিবাদী কৃষকৰ ওপৰত প্ৰশাসন যন্ত্ৰৰ দমন নীতি।
সোমবাৰে অঞ্চলটোত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ) মোতায়েন কৰাৰ কথা সদৰী কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত এইয়া কৰা হৈছে বুলি স্থানীয় আৰক্ষীয়ে জনায়। গাঁওবাসীৰ মতে ৰাজ্য চৰকাৰে পুনৰ তেওঁলোকৰ আহ্বানক উপেক্ষা কৰিলে।
প্ৰশাসনৰ এই সিদ্ধান্তৰ পিছতে চিকাৰী ৰংপি নামৰ এগৰাকী স্থানীয় ভুক্তভোগী কৃষক শংকিত হৈ পৰিছে। যোৱা বছৰৰ অক্টোবৰ মাহত, যি সময়ত ৰাজ্যত ক’ভিড মহামাৰীয়ে ভয়াৱহ ৰূপ লৈছিল, আৰক্ষীক বাধা দিবলৈ যাওঁতে হোৱা এক হতাহতিৰ ঘটনাৰ বাবে ৰংপিক কাৰাৰুদ্ধ কৰা হৈছিল।
‘বিবাদমান মাটিখিনিলৈ যোৱাৰ বাবে তেওঁলোকে আমাৰ গাঁৱৰ মাজেৰে এটা বাট বনাই লৈছিল যিটো আমি বন্ধ কৰি দিছিলো। উক্ত বাটটো মোৰ মাটিৰ ওপৰদি গৈছিল, কিন্তু কাৰাবাসৰ বাহিৰে মই আন একো নাপালো। এতিয়া তেওঁলোকে গাঁওখনত অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত চি আৰ পি এফ বাহিনী নিয়োগ কৰিছে, যি আনকি আমাৰ ভাষাও বুজি নাপায়। আমি যথেষ্ট ভই খাইছো, প্ৰাপ্য অধিকাৰ বিচাৰিলেও আমাক হয় গুলী কৰা হ’ব বা গ্ৰেপ্তাৰ কৰা হ’ব।‘ ৰংপিয়ে ইষ্ট ম’জ’ক কয়।
লগতে পঢ়ক : ৰাজ্যৰ নতুন ক’ভিড নিয়মাৱলী; ১বজাৰ পৰা বন্ধ হ’ব দোকান-পোহাৰ
সুৰক্ষা নে সন্ত্ৰাস
মন কৰিবলগীয়া যে, গাঁওবাসীৰ মতে আজ্যুৰ কোম্পানিয়ে উক্ত নিৰ্মীয়মাণ প্ৰকল্পটোলৈ যাবলৈ বনাই থকা ৰাষ্টাটো প্ৰকল্পৰ বাবে আবণ্টন কৰা ভূমিৰ বাহিৰত পৰে।
‘এতিয়া আমি সোমোৱাৰ এই বাটটো বন্ধ কৰি ৰাখিছো। তেওঁলোকে এখন ফেঞ্চিং দি থৈছিল। আজি পুৱা মিলিটেৰিৰ মানুহ অহাৰ পিছত তেওঁলোকে ফেঞ্চিং আঁতৰাই দিছে আৰু ৰাস্তা বনোৱাৰ কাম আৰম্ভ কৰিছে। যিহেতু বাৰিষা আহিলে তেওঁলোকে বৰ্তমানে থকা ৰাস্তাটো ব্যৱহাৰ কৰিব নোৱাৰিব সেয়ে তেওঁলোকে গাঁৱৰ মাজেদি প্লাণ্টলৈ যোৱাৰ ৰাস্তা বনাব খুজিছে। কিন্তু ইয়াৰ বিনিময়ত আমাৰ ক্ষতিপূৰণ দিয়া হোৱা নাই।‘ ৰাজেন ৰংপি নামৰ এগৰাকী কৃষকে কয়।
আনহাতে, চি আৰ পি এফৰ উপস্থিতিয়ে অঞ্চলটোৰ মহিলাসকলক আতংকিত কৰি তুলিছে। ২০২০ চনৰ ৮ অক্টোবৰত, আৰক্ষী আৰু কোম্পানিৰ নিৰাপত্তা বাহিনীয়ে ২৮৭ বিঘা মাটিজুৰি থকা ঠন ধৰা ধানৰ ওপৰেদি জে চি বি চলোৱা কাৰ্য্যক বাধা দিবলৈ গৈ আৰক্ষীৰ হৈতে হতাহতিত লিপ্ত হোৱাৰ অভিযোগত চামগুৰি আৰক্ষীয়ে ১৪ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল। পুনৰ ২৬ ডিচেম্বৰৰ মাজনিশা, সশস্ত্ৰ আৰক্ষীৰ লোকে হঠাৎ তালাচী চলাই ৫ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে, অভিযোগ অনুসৰি উক্ত নিশা আৰক্ষীৰ আক্ৰমণত এগৰাকী গৰ্ভৱতী কাৰ্বি মহিলাৰ গৰ্ভপাত হয়।
উক্ত ঘটনাৰ প্ৰত্যক্ষদৰ্শী, ৰূপটা সিং নাৰ্পিৰ মতে, ‘উক্ত তালাচীত কাৰ্বি আৰু আদিবাসী সম্প্ৰদায়ৰ পুৰুষ আৰু মহিলাসকলক থিয় কৰাই লৈ কোবাৱা হৈছিল। আমি এতিয়া বহুত ভয় খাই আছো কাৰণ চি আৰ পি এফৰ জোৱানবিলাকৰ বহুত হাথিয়াৰ আছে তেওঁলোকৰ অসমৰ মানুহৰ ওপৰত অত্যাচাৰ চলোৱাৰ এক ইতিহাস আছে।‘
ইয়াৰ বিপৰীতে চামগুৰি আৰক্ষীৰ ভাষ্য হৈছে – গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশত চি আৰ পি এফ মোতায়েন কৰা হৈছে।
‘আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰিছো, উক্ত নিৰ্দেশ অনুযায়ী কোম্পানিক নিৰ্মাণ কাৰ্য্য চলাই যাবলৈ অনুমতি দিয়া হৈছে। চি আৰ পি এফে নিৰ্মাণ কাৰ্য্য চলি থকাৰ সময়ত অঞ্চলটোত আইন-শৃংখলা বৰ্তাই ৰখাৰ বাবে কাম কৰিব।‘ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কে কে দলেই কয়।
মূল লেখাটো পঢ়ক : Assam: CRPF reaches disputed solar plant site in Nagaon despite protests
বিবাদমান স্থিতাৱস্থা
২০২১ চনৰ ৫ মাৰ্চ আৰু ২৩ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিবাদমান মাটিখিনিৰ ওপৰত থকা দখলীস্বত্ব সম্পৰ্কত স্থিতাৱস্থা জাৰি কৰিছিল। দুয়োটা পক্ষৰ অধিবক্তাই উক্ত ‘স্থিতাৱস্থা’ক নিজা নিজা ধৰণৰে বাখ্যা কৰিছে। আজ্যুৰ কোম্পানিৰ অধিবক্তা ডি কে পড্ডাৰৰ মতে ‘স্থিতাৱস্থা’ক ভূলভাৱে ব্যাখ্যা কৰা হৈছিল।
যোৱা ৩০ এপ্ৰলিত কোম্পানিটোৱে জাৰি কৰা এখন প্ৰেছ বিজ্ঞপ্তিত কয়, ‘গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২১ চনৰ ১৭ মাৰ্চত দিয়া নিৰ্দেশৰ জৰিয়তে স্থিতাৱস্থাক খাৰিজ কৰি মাটিখিনিত আজ্যুৰক কাম কৰি যাবলৈ অনুমতি দিছিল।‘ একেটা বিজ্ঞপ্তিত, ৫ আৰু ২৩ মাৰ্চত নগাঁও জিলা প্ৰশাসনক মিকিৰ বামুণীৰ মাটিখিনিৰ ওপৰত থকা দখল সম্পৰ্কীয় স্থিতাৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়াৰ কথাও উল্লেখ আছে।
আনহাতে, আজ্যুৰ কোম্পানিয়ে যোৱা ৩ মাৰ্চত, কিছুমান ‘দুৰ্বৃত্তই’ সৌৰ শক্তি প্ৰকল্পটোৰ ‘এলেকা’ত প্ৰৱেশ কৰি ‘কাম বন্ধ কৰিবলৈ’ কৰ্মচাৰীসকলক ভাবুকি দিয়া বুলি ন্যায়ালয়ত এক অভিযোগ দাখিল কৰে। ২৩ মাৰ্চত, গুৱাহাটী উচ্চ ন্যায়ালয়ে নগাঁও জিলা প্ৰশাসনক স্থিতাৱস্থা বলৱৎ কৰিবলৈ কৰিবলৈ নিৰ্দেশ দিয়ে, ইয়াৰ পিছতে আজ্যুৰ কোম্পানিয়ে অভিযুক্ত ‘দুৰ্বৃত্ত’ কেইজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে।
মিকিৰ বামুণীবাসী সকলৰ হৈ আইনী যুঁজ চলাই থকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈয়ে সামৰিক বাহিনী মোতায়েন কৰা কাৰ্য্যক কঠোৰভাৱে সমালোচনা কৰে।
তেওঁ কয়, ‘ন্যায়ালয়ে নগাঁও জিলা প্ৰশাসনক মিকিৰ বামুণীত আইন-শৃংখলা পৰিস্থিতি বৰ্তাই ৰখাৰ বাবে স্থিতাৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিছিল। নিৰ্দেশটোত কম্পেনিটোক নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিবলৈ কোৱা নাই। ইয়াৰ উপৰি, মাটিখিনিৰ অধিকাৰ সম্পৰ্কীয় যিটো মূল দেৱানী গোচৰ (civil suit) সেইটো এতিয়াও নিম্ন আদালতৰ বিচাৰাধীন, গুৱাহাটী উচ্চ ন্যায়ালয়ে নিম্ন আদালতক এই সম্পৰ্কে সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিছে। আমি জিলা প্ৰশাসনৰ বিৰুদ্ধে পুনৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম, তেওঁলোকে মাটি-বাৰী সম্পৰ্কীয় এটা সম্পূৰ্ণৰূপে অসামৰিক বিষয়ত চি আৰ পি এফ মোতায়েন কৰিছে।‘
গুৱাহাটী আই আই টিৰ ‘ডেভলপমেণ্ট ষ্টাডিজ’ৰ সহকাৰী প্ৰবক্তা বসুন্ধৰা জে’ৰাথে মিকিৰ বামুণীত চি আৰ পি এফ নিয়োগ কৰা বিষয়ত আশ্চৰ্য্য প্ৰকাশ কৰিছে।
মিকিৰ বামুণীৰ ভূমি বিবাদ সম্পৰ্কে অধ্যয়ণ কৰি থকা জে’ৰাথে ইষ্টম’জ’ৰ আগত তেওঁ কয়, ‘সমগ্ৰ দেশৰ লগতে অসমত ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা এই ভয়াৱহ পৰিস্থিতিৰ মাজত আজ্যুৰ কোম্পানিয়ে চি আৰ পি এফ বাহিনী আনি মিকিৰ বামুণীত এইধৰণেৰে প্ৰৱেশ কৰাটো যথেষ্ট লজ্জাজনক।‘
অধ্যাপক গৰাকীয়ে এই ক’ভিড মহামাৰীৰ এই সময়ত নিৰস্ত্ৰ কৃষকৰ ওপৰত চলোৱা এই ‘বলপূৰ্বক’ কাৰ্য্য কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি যিকোনো ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় বিপদৰ বাবে আজ্যুৰ কোম্পানি দায়ী হ’ব বুলি মন্তব্য কৰে।
অলপতে ‘দিল্লী ছ’লিডাৰিটি গ্ৰুপ’ নামৰ ভাৰতত নাগৰিকৰ অধিকাৰক লৈ মাত মাতি অহা এটা গোটে প্ৰকাশ কৰা এখন ফেক্ট-ফাইণ্ডিং প্ৰতিবেদনত আজ্যুৰ পাৱাৰ ফৰ্টি আৰু নগাঁও জিলা প্ৰশাসনৰ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
‘মিকিৰ বামুণী গ্ৰাণ্টৰ গাঁওবাসী সকল ৰায়তী-স্বত্ব আইন, ১৯৭১ৰ আওতাত পৰে। ১৯৮০ চনৰ পৰা থকা ৰায়তী কৃষকসকলৰ খতিয়ান বিলাকে প্ৰমাণ কৰে যে গাওঁবাসী আৰু তেওঁলোকৰ পিতৃপুৰুষসকল দখলীস্বত্ব থকা ৰায়ত বুলি প্ৰতিবেদনটোত কোৱা হয়।
প্ৰতিবেদনটোৰ মতে, অঞ্চলটোৰ ৰাইজে উক্ত কৃষি-পথাৰত প্ৰজন্মধৰি খেতি কৰা অহা বুলি কৈ অহাৰ পিছতো চামগুৰি চক্ৰ ৰাজহ বিভাগৰ একাংশ বিষয়াই সেই মাটিখিনিত এটা দশকতকৈ অধিক কাল কোনোধৰণৰ কৃষিকাৰ্য্য হোৱা নাই বুলি উল্লেখ কৰিছে।
‘অসম ভূমি নীতি, ২০১৯ৰ মতে এটুকুৰা মাটি কৃষি-কাৰ্য্যৰ বাবে উপযোগী নে পতিত মাটি সেই কথা এখন ভূমি মন্ত্ৰণা সমিতিয়ে (Land Advisory Committee) ঠিক কৰে। মিকিৰ বামুণীৰ ক্ষেত্ৰত সেয়া কৰা হোৱা নাই।‘ প্ৰতিবেদনটোত কোৱা হয়।
নগাঁও জিলা ন্যায়াধীশে উক্ত মাটিখিনিত কৃষিকাৰ্য্য চলি থকাৰ কথা স্পষ্টভাৱে কৈছে বুলি উল্লেখ কৰে। প্ৰতিবেদনটোৱে ন্যায়াধীশৰ উদ্ধৃতি দি কয়, ‘ৰায়তীসকলে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ যাতে শীঘ্ৰে ঘূৰাই পাই তাৰ বাবে যথাসাধ্য সকলো পদক্ষেপ গ্ৰহণ কৰা উচিত।‘
আজ্যুৰ কোম্পানিয়ে অসম শক্তি বিতৰণ কোম্পানিৰ (APDCL) সৈতে অসমত ৯০ মেগাৱাট সৌৰ শক্তি উৎপাদনৰ লক্ষৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল।
মূল লেখক : অনুপম চক্ৰৱৰ্তী