টীয়ক, স্মৃতি প্ৰিয়া লাহন : টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ উদ্যোগত তথা অসম চৰকাৰৰ বিশেষ আঁচনি RMSA ৰ অধীনত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বুধবাৰে কিশোৰ কিশোৰীৰ সবলীকৰণ আৰু সামাজিক পৰিবৰ্তনত লোকসংস্কৃতিৰ প্ৰভাৱ শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়।

প্ৰায় পাঁচ শতাধিক ছাত্ৰী উপস্থিত থকা এই প্ৰতিযোগিতাৰ ন’ডেল শিক্ষক হিচাপে বিদ্যালয়ৰ শিক্ষয়ত্ৰী এনিশা ফুকনে উক্ত অনুষ্ঠানৰ আত ধৰে আৰু উক্ত কাৰ্যসুচীৰ গুৰুত্বতা তথা প্ৰয়োজনীয়তাৰ সম্পৰ্কে বিশেষ বক্তব্য আগবঢ়াই বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়াই।

উক্ত সাংস্কতিক প্ৰতিযোগিতাত বিশিষ্ট অতিথি হিচাপে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডাঃ মহানন্দ নেওগ আৰু বিচাৰক হিচাপে জগদুৱাৰ হাই স্কুলৰ সংগীত বিভাগৰ শিক্ষয়ত্ৰী লিপিকা বৰুৱা।

প্ৰতিযোগিতাত ছাত্ৰীসকলে ৰাগিয়াল দ্ৰব্য সেৱন, বাল্য বিবাহ, মাদক দ্ৰব্য সেৱন আদি বিভিন্ন সামাজিক সমস্যা নাটক, বিহু, দিহানাম, বিয়ানাম আদিৰ মাধ্যমেৰে উপস্থাপন কৰি ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰে।

অনুষ্ঠানৰ শেষত বিজয়ীসকলক মানপত্ৰসহ উপহাৰেৰে পুৰস্কৃত কৰা হয়।

লগতে পঢ়ক : অসম আৰক্ষীত ৩২০ টা পদত নিযুক্তি; জানক আৱেদনৰ অন্তিম তাৰিখ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply