গুৱাহাটী: মহানগৰবাসীয়ে এতিয়াৰ পৰা ঘৰত বিদ্যুতৰ সংযোগৰ বাবে আৱেদন কৰোতে পৌৰনিগমৰ হোল্ডিং নম্বৰ, আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লগত দিয়াটো বাধ্যতামূলক। গুৱাহাটীৰ উজানবজাৰস্থিত পৌৰ নিগমৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি মৃগেণ শৰণীয়াই এই কথা জনায়।
সংবাদমেলত শৰণীয়াই ২০২২ চনৰ নৱেম্বৰৰ পৰা ১৫ জানুৱাৰীলৈকে এ পি ডি চি এলৰ সহযোগত কিমান কৰ সংগ্ৰহ কৰা হ’ল তাৰ এক খতিয়ান দাঙি ধৰে।
বৃহস্পতিবাৰ Electricity Regulatory Commission য়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে ঘৰত নতুনকৈ বিদ্যুৎ স্থাপনৰ বাবে গুৱাহাটীবাসীয়ে পৌৰনিগমৰ হোল্ডিং নম্বৰটোৰ সৈতে APDCL-ৰ Consumer Number টো সংযোগ কৰা বাধ্যতামূলক কৰাৰ লগতে পুৰণি গ্ৰাহকসকলেও শীঘ্ৰে হোল্ডিং নম্বৰ গ্ৰহণ কৰি আপলোড কৰিব লাগিব।
গুৱাহাটী পৌৰ নিগমৰ অধীনত এতিয়াও প্ৰায় ১ লাখ লোকে হোল্ডিং নম্বৰ সংযোগ কৰিবলৈ বাকী আছে বুলি উল্লেখ কৰি ১৫ জানুৱাৰীলৈকে ৫০% ৰেহাই হাৰত পৌৰ নিগমে প্ৰায় ৮৪ কোটি টকা সংগ্ৰহ কৰিছে বুলি শৰণীয়াই জানিবলৈ দিয়ে। তেওঁ লগতে যিসকলে কৰ প্ৰদান কৰাই নাই তেওঁলোকে ৩১ জানুৱাৰী ভিতৰত ৩০% ৰেহাই হাৰত কৰসমূহ যাতে পৰিশোধ কৰিবলৈ আহ্বান জনায়। কৰ পৰিশোধ নকৰা গ্ৰাহকৰ পৰা পৌৰনিগমে এতিয়াও প্ৰায় ১০০ কোটি টকাতকৈ অধিক কৰ আদায়় কৰিবলৈ বাকী থকা বুলিও মেয়ৰ শৰণীয়াই জনায়।
পৌৰ নিগমৰ হাতত থকা সম্পত্তি কৰ পৰিশোধ নকৰা লোকৰ তালিকা অনুসৰি ৪০ লাখৰো অধিক টকাৰ কৰ দিবলৈ বাকী থকা ব্যক্তি আছে বুলি কৰ পৰিশোধ নকৰাসকলে শীঘ্ৰে পৌৰ নিগমৰ পৰা জাননী লাভ কৰিব লাভ কৰিব বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক – গুৱাহাটীত ২ কোটিতকৈ অধিক মূল্যৰ গাঞ্জা জব্দ, এজক গ্ৰেপ্তাৰ