ডিফু: শুকুৰবাৰে আৱেলি ডিফুত এক ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। ডিফু চহৰৰ খৰছিং তেৰাং পাৰ্কৰ সমীপত উক্ত বিস্ফোৰণৰ ঘটনা সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে, এজন লৰাই চিলিণ্ডাৰ মাপ কৰি থকা অৱস্থাত তাৰ পৰা জুই নিৰ্গত হয়।  

পিছত সেই জুইৰ ফলত ওচৰত থকা আন দুটা চিলিণ্ডাৰ বিস্ফোৰণ সংঘটিত হয় আৰু জুই বিয়পি ওচৰত থকা দুখন স্কুটী আৰু দুখন দোকান ভস্মীভূত কৰে।

ঘটনাৰ খবৰ লাভ কৰি অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে।

অৱশ্যে ঘটনাৰ ফলত কোনো লোকৰে হানি বিঘিনি ঘটা নাই বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : মাত্ৰ ৮ বছৰ বয়সতে এপ নিৰ্মাণ কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নাগালেণ্ডৰ এটি শিশু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply