মঙলদৈ, প্ৰবীন বৰুৱা: মঙলদৈৰ ৰুণাক মনত আছেনে আপোনাৰ? মুখ্য মন্ত্ৰীক লগ পাই যে এটা ঘৰৰ বাবে অনুৰোধ কৰিছিল খৰ্বকায় যুৱতী গৰাকীয়ে। শুকুৰবাৰে সেই ছোৱালীজনীৰ ঘৰত জিলা উপায়ুক্ত উপস্থিত হৈ নতুন বাসগৃহৰ আধাৰশিলা স্থাপন কৰে।

শুকুৰবাৰে মঙলদৈ গেৰিমাৰী গাঁৱৰ বিশেষভাৱে সক্ষম ছাত্ৰী ৰুণা বৰাৰ ঘৰত প্ৰধানমন্ত্ৰী আভাস যোজনা গৃহৰ আধাৰশিলা স্থাপন কৰে দৰঙৰ উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই।

৬ নৱেম্বৰত মোৱামাৰী গাওঁ পঞ্চায়তৰ এলেকাত হ’বলগীয়া অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজনৰ দিনাই মঙলদৈ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী ৰুনাই মুখ্য মন্ত্ৰীক এটা ঘৰৰ বাবে অনুৰোধ জনাইছিল। মূখ্য মন্ত্ৰীয়ে সভাস্থলীতে দৰঙৰ উপায়ুক্তক ছাত্ৰী গৰাকীক এটা প্ৰধান মন্ত্ৰী আভাস গৃহ তৎকালীনভাৱে পোৱাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

সেই লৈয়ে আজি মোৱামাৰী গাও পঞ্চায়তৰ প্ৰতিনিধি দৰং জিলা পৰিষদৰ কাৰ্য্যবাহী অভিযন্তাক লগত লৈ আহি ৰুনাৰ পিতৃ কমল বৰাৰ নামত গৃহটো শুভাৰম্ভ কৰে উপায়ুক্তই।

প্ৰধানমন্ত্ৰী আভাস যোজনাৰ ওপৰিও গৃহটি নিৰ্মাণৰ বাবে ছাত্ৰী গৰাকীক মূখ্য মন্ত্ৰীৰ পুঁজিৰ পৰা অতিৰিক্ত এক লাখ পঞ্চাশ হাজাৰ টকা আৱন্তন দিয়া হয়।

লগতে পঢ়ক – মেৰিলেণ্ডৰ লেফটেনেণ্ট গভৰ্ণৰ নিযুক্ত ভাৰতীয় বংশোদ্ভৱ অৰুণা মিলাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply