কমাৰগাঁও (গোলাঘাট) : প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰা আৰু ‘ৰক্ত দান মহান দান’ এই বাৰ্তা সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ উদ্দেশ্যে অসমৰ কেউখন জিলা সামৰি পদযাত্ৰা কৰি অহা দৰং জিলাৰ গৌৰী শংকৰ কলিতা দেওবাৰে বিয়লি গোলাঘাটত উপস্থিত হয়।

গোলাঘাট জিলাৰ খুমটাইৰ কাৰ্গিল বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈ সমাধিক্ষেত্ৰ উপস্থিত হৈ তেওঁ শ্বহীদ গৰাকীৰ সমাধিত পুষ্পাঞ্জলি অৰ্পন কৰাৰ লগতে গগৈৰ পিতৃ ঠগিৰাম গগৈ আৰু মাতৃ দুলুপ্ৰভা গগৈক গামোচাৰে সম্বৰ্ধনা জনাই।

ইয়াৰ পাছতেই কলিতাই শ্বহীদ গৰাকীৰ সমাধিক্ষেত্ৰৰ চৌহদত এটি বকুল পুলি ৰোপন কৰে। প্ৰকৃতি সুৰক্ষা, ৰক্তদানৰ সজাগতা সৃষ্টিৰ উদ্দেশ্য অহা গৌৰী শংকৰ কলিতাক খুমটাইত জিন্টু গগৈৰ পিতৃ মাতৃয়ে উষ্ম আদৰণি জনায়।

আনহাতে কমাৰগাঁৱটো কমাৰগাঁও আৰক্ষী থানা, চুতীয়া ছাত্ৰ সন্থা কমাৰগাঁও আঞ্চলিক সমিতি, বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা, বিজেপিৰ যুৱনেতা শচীন বৰা, মহুৰামুখ গাঁওৰক্ষী বাহিনীৰ লগতে বিভিন্ন দল সংগঠনে প্ৰকৃতিৰ সুৰক্ষা, ৰক্তদান সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্য পদযাত্ৰা কৰা গৌৰী শংকৰ কলিতাক উষ্ম আদৰণি জনায়।

উল্লেখযোগ্য যে ২০২১ চনৰ ২৪ ডিচেম্বৰত অসম আৰক্ষী আৰু প্ৰকৃতি বন্ধুৰ সহযোগত দৰং জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা এই পদযাত্ৰা ওদালগুৰি, শোনিতপুৰ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ খুমটাই আৰু কমাৰগাঁৱত উপস্থিত হয়।

পদযাত্ৰা কালত তেওঁ ঠায়ে ঠায়ে মূল্যবান গছৰ পুলি ৰোপন কৰি অহাৰ লগতে প্ৰকৃতি সুৰক্ষা আৰু ৰক্ত দানৰ বাবে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে।

লগতে পঢ়ক – মাজুলীত গঁড়ৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত এজন লোক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply