ধেমাজি : অসম প্ৰাদেশিক নাথ-যোগী সন্মিলনী তথা নাথ -যোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সৌজন্যত বিষ্ণুপুৰ অঞ্চলিকৰ উদ্ধোগত ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ  গণ আন্দোলনৰ শ্বহীদ সকলক স্মৰণ কৰি শ্বহীদ দিৱস পালন কৰা হয়।

সন্মিলনীৰ জিলা উপদেষ্টা নৰেন্দ্ৰ নাথে বৃক্ষ ৰূপনেৰে আৰম্ভ কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচী, বন্তি প্ৰজ্জলন কৰে হাৰিনাথ বাবাই, সভাপতি কুশল নাথে পতাকা উত্তোলনৰ পিছতে শ্বহীদ তৰ্পন কৰে সোনাৰাম নাথে ও শ্বহীদৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰে ছাত্ৰ সন্থাৰ জিলা সভাপতি লক্ষ্মীকান্ত নাথে।

সভাত বিশিষ্ট অথিতি হিচাপ উপস্থিত থাকি সন্মিলনীৰ কেন্দ্ৰিয় সম্পাদক অজিত নাথে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কৃষক বিদ্ৰোহৰ পৰা আৰম্ভ কৰি ১৯৪২ৰ গন আন্দোলনত নাথ -যোগী  জনগোষ্ঠীয় লোকসকলৰ অৱদানৰ ওপৰত বক্তব্য আগবঢ়াই।

উক্ত সভাতে ১৯৭৯ পৰা ১৯৮৫ চনলৈ ঐতিহাসিক অসম আন্দোলনৰ ওপৰত ৪২ ৰ শ্বহীদ কুমলী দেৱীৰ পৰি নাতি সোনাৰাম নাথে লিখা কবিতা পুথিখন উন্মোচন কৰা হয় আৰু যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগ, ষ্টাৰ আৰু দৃষ্টিংচন নম্বৰ অধিকাৰ কৰা ছাত্ৰ-ছাত্ৰীসকলক মান-পত্ৰসহ সম্বৰ্ধনা জনোৱা হয়।

সভাত অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু নাথ -যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলৰ লগতে জিলা তথা বিভিন্ন আঞ্চলিকৰ বহুসংখ্যক নাথ যোগী জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে।

লগতে পঢ়ক : বেয়া কলেষ্টৰেলৰ পৰা হাত সাৰিবলৈ গ্ৰহণ কৰক এই কেইবিধ খাদ্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply