মঙলদৈ: শনিবাৰে মঙলদৈৰ নিজ মোগলবেচাত এটি মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

উদ্ধাৰ হোৱা মৃতদেহটো চামাবাৰী অঞ্চলৰ ভাবিৰাম বড়ো (ৰমেশ চন্দ্ৰ বড়ো)ৰ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে শুকুৰবাৰে পথাৰত খেতি কৰিব যোৱাৰ পৰাই নিখোজ হৈ আছিল ভাবিৰাম বড়ো নামৰ ৫০ বছৰীয়া লোকজন।

পিছত আজি স্থানীয় লোকে এটা ডো‌ঙত তেওঁৰ মৃতদেহটো প্ৰত্যক্ষ কৰে বুলি জানিব পৰা গৈছে।

ডোঙত পানী বৃদ্ধি হোৱাত পানীত পৰি যোৱাৰ লগতে ডোং টোৰে উটি অহা বুলি স্থানীয় লোকে সন্দেহ কৰিছে। নিহত বড়ো মঙলদৈৰ এটা ORS কোম্পানীত কৰ্মৰত আছিল।

ইতিমধ্যে স্থানীয় লোকৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক – অসম চৰকাৰক এনকাউন্টাৰৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply