সোণাৰি: শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি সোণাৰিৰ ৰতনপুৰ চাহ বাগিচাত এতিয়াও উত্তেজনা অব্যাহত আছে। বাগিচা কৰ্তৃপক্ষই বাগিচাৰ সীমাত খন্দা এটা বৃহৎ নলাত পৰি এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ পিছতে শ্ৰমিকসকলে ধৰ্মঘট পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।
উল্লেখ্য যে, চাহ বাগিচাৰ সীমাত কিছুদিন পূৰ্বে বাগিচা কৰ্তৃপক্ষই পানী ওলাই যোৱাৰ সুবিধা হোৱাকৈ এটা বৃহৎ নলা খান্দি ৰাখিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে দেওবাৰে সন্ধিয়া সেই নলাত পৰি নিৰুদ্দেশ হয় বাগিচাখনৰ সুন্দৰো প্ৰজা নামৰ এগৰাকী শ্ৰমিক।
পৰৱৰ্তী সময়ত শ্ৰমিকজনক বিচাৰ-খোচাৰ কৰাত সোমবাৰে আবেলি বাগিচাখনৰ নলাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ।
ইয়াৰ পাছতেই বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় শ্ৰমিকসকল। আনহাতে বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলৰ সৈতে আলোচনা কৰি তেওঁলোকৰ দাবী মানি লোৱাৰ প্ৰতিশ্ৰুতি দিছে।
লগতে পঢ়ক – বড়োলেণ্ডবাসীৰ জীৱনৰ মান উন্নত কৰাৰ লক্ষৰে BTC-BRLF–ৰ মাজত বিশেষ বুজাবুজি চুক্তি