প্ৰবীণ বৰুৱা, মঙলদৈ: লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন উপলক্ষে আজি চতুৰ্থ দিনৰ কাৰ্যসূচীত জিলা প্ৰশাসনৰ উদ্যোগত দৰং জিলাৰ বিদ্যালয়সমূহৰ ছাত্র-ছাত্রীসকলৰ মাজত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

মঙলদৈস্থিত জিলা পুথিভঁৰালত অনুষ্ঠিত এই বক্তৃতা প্ৰতিযোগিতা শুভাৰম্ভ কৰি জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই এই মহান বীৰ জনৰ জন্মজয়ন্তী বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰাৰ বাবে ছাত্ৰ-ছাত্রীসকলে তেওঁৰ বিষয়ে আৰু অধিক জানিবলৈ সুযোগ পাইছে বুলি মন্তব্য কৰে।

বিদ্যালয়সমূহৰ পৰিদৰ্শক ভাৰপ্ৰাপ্ত তথা সহকাৰী আয়ুক্ত মনিকা বৰগোঁহাই আদৰণি ভাষণ দিয়াৰ লগতে বক্তৃতা প্ৰতিযোগিতাখন পৰিচালনা কৰে।

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত (শিক্ষা) পল্লৱী কছাৰী, মঙলদৈ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দেবাংগন শৰ্মা উপস্থিত থাকে।

বক্তৃতা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে মহৰ্ষি বিদ্যামন্দিৰৰ ছাত্ৰী কাব্যশ্ৰী ভৰদ্বাজে। দ্বিতীয় পুৰস্কাৰ লাভ কৰে গান্ধীস্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র মৃগাংক কলিতা আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে পূব মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্র ধনজিত ডেকাই।

ইয়াৰ উপৰিও পাচ গৰাকী ছাত্ৰ-ছাত্রীয়ে উদ্গণিমূলক পুৰস্কাৰ লাভ কৰে। তেওঁলোকক ২৪ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় কাৰ্যসূচীত পুৰস্কাৰসমূহ প্ৰদান কৰা হ’ব।

আনহাতে ৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নতুন দিল্লীত অনুষ্ঠিত হবলগীয়া লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ কেন্দ্ৰীয় কাৰ্যসূচীত দৰং জিলাৰ পৰা অংশগ্ৰহণ কৰিব।

তেওঁলোকক আজি ৰাতিপুৱা উপায়ুক্ত কাৰ্যালয়ৰ পৰা বিমানৰ টিকটসমূহ আনুষ্ঠনিকভাৱে প্ৰদান কৰে অতিৰিক্ত উপায়ুক্ত পল্লৱী কছাৰীয়ে। তেওঁলোক হ’ল ছিপাঝাৰ মহাবিদ্যালয়ৰ পৰা ভাশ্বতী দেৱী আৰু ৰন্টু শইকীয়া আৰু মঙলদৈ মহাবিদ্যালয়ৰ কল্যাণী চহৰীয়া আৰু জ্যোতিস্মৃতা কলিতা। আটায়ে বুৰঞ্জী বিভাগৰ ছাত্র-ছাত্ৰী।

লগতে পঢ়ক – FIFA বিশ্বকাপৰ Tactical Analysis: কাটাৰ বনাম ইকুৱেডৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply