নিউজ ডেস্কঃ ভাৰতীয় নিৰ্বাচন আয়োগে মঙলবাৰে জনপ্ৰতিনিধিত্ব আইন, ১৯৫০ৰ ধাৰা ৮-কত উল্লেখ কৰা অনুসৰি, অসমৰ বাবে বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱৰ খচৰা প্ৰকাশ কৰে। প্ৰাসংগিক আইনসমূহ যেনে- ভাৰতীয় সংবিধানৰ সীমা নিৰ্ধাৰণ আইন, ২০০২ (২০০২ৰ ৩৩), অনুচ্ছেদ ৮২, ১৭০, ৩৩০ আৰু ৩৩২ৰ ধাৰা ৯ (১) (গ) আৰু (ঘ)ৰ সৈতে আৰ. পি. আইন, ১৯৫০ৰ ধাৰা ৮ ক অনুসৰি সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আগবঢ়োৱা হৈছে। অসমত শেষ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া ১৯৭৬ত সম্পন্ন হৈছিল।
সংবিধানৰ ১৭০ আৰু ৮২ নং অনুচ্ছেদৰ অনুসৰণেৰে ২০০১ৰ লোকপিয়লৰ ভিত্তিত ৰাজ্যখনৰ সকলো বিধানসভা আৰু সংসদীয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰা হ’ব। কেৱল লোকপিয়ল আয়ুক্তই প্ৰকাশ কৰা ২০০১ৰ লোকপিয়লৰ পৰিসংখ্যা এই উদ্দেশ্যে বিবেচনা কৰা হৈছে। অসমৰ বিধানসভা আৰু লোকসভাৰ আসনৰ সংখ্যা ক্ৰমে ১২৬ আৰু ১৪খন হৈ থাকিব। ১৭০ আৰু ৮২ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে ২০২৬ৰ পাছৰ প্ৰথম লোকপিয়লৰ প্ৰাসংগিক পৰিসংখ্যা উপলব্ধ নোহোৱালৈকে প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ আসন আৰু লোকসভাৰ আসনৰ আবন্টনৰ সংখ্যা সলনি কৰা নহ’ব।
বিধানসভাৰ ১২৬খন আসনৰ ভিতৰত অনুসূচিত জনজাতিৰ বাবে ১৯খন আসন, আনহাতে অসমলৈ আবন্টিত লোকসভাৰ ১৪খন আসনৰ ভিতৰত অনুসূচিত জনজাতিৰ বাবে ২খন আসন আবন্টনৰ প্ৰস্তাৱ দিয়া হৈছে। একেদৰে, বিধানসভাৰ ০৯খন আসন অনুসূচিত জাতিৰ বাবে, আনহাতে লোকসভাত অনুসূচিত জাতিৰ বাবে ১খন আসন আবন্টনৰ প্ৰস্তাৱ জনোৱা হৈছে।
প্ৰস্তাৱৰ খচৰাখনৰ একাংশ উল্লেখযোগ্য বৈশিষ্ট্য
- সৰ্বনিম্ন প্ৰশাসনিক ইউনিট গ্ৰামাঞ্চলত ‘গাঁও’ আৰু চহৰাঞ্চলত ‘ৱাৰ্ড’ হ’ব আৰু গাঁও আৰু ৱাৰ্ডসমূহক অক্ষত অৱস্থাত ৰখা হৈছে আৰু ৰাজ্যখনৰ কোনো ঠাইতে ই ভাঙি যোৱা নাই।
- এছচি বিধানসভাৰ আসন ৮ ৰপৰা ৯লৈ বৃদ্ধি কৰা হৈছে; এছটি বিধানসভাৰ আসন ১৬ ৰ পৰা ১৯ লৈ বৃদ্ধি পাইছে।
- পশ্চিম কাৰ্বি আংলং জিলাৰ স্বায়ত্তশাসিত জিলাসমূহত ০১খন বিধানসভাৰ আসন বৃদ্ধি।
- বড়োলেণ্ডৰ জিলাসমূহত বিধানসভা সমষ্টি (স্বায়িত্ব শাসিত পৰিষদ) ১৬ ৰপৰা ১৯লৈ বৃদ্ধি।
- ডিফু আৰু কোকৰাঝাৰ সংসদীয় আসন এছটিৰ বাবে সংৰক্ষিত থাকিব।
- লখিমপুৰ সংসদীয় আসন অসংৰক্ষিত হিচাপে থাকিব।
- ধেমাজি জিলাত ০১ অসংৰক্ষিত বিধানসভা সমষ্টি।
- এখন সংসদীয় আসন তথা ‘ডিফু’ এছটিৰ বাবে সংৰক্ষিত। ই ০৩ খন স্বায়ত্তশাসিত জিলাৰ ০৬টা বিধানসভা সমষ্টিক সামৰি লৈছে।
- বৰাক উপত্যকাৰ জিলাসমূহ অৰ্থাৎ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাক ০২খন সংসদীয় আসন।
- মঙলদৈ লোকসভা সমষ্টিৰ নাম দৰং, কলিয়াবৰ লোকসভা সমষ্টিৰ নাম কাজিৰঙা আৰু তেজপুৰ লোকসভা সমষ্টিৰ নাম শোণিতপুৰ নামকৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ লগতে নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলৰে গঠিত আয়োগে ২০২৩ৰ জুলাইত পুনৰ অসম ভ্ৰমণেৰে প্ৰস্তাৱৰ খচৰা সন্দৰ্ভত ৰাজহুৱা শুনানি গ্ৰহণ কৰিব।
এছচি আৰু এছটিৰ বাবে আসন সংৰক্ষণ,
কেন্দ্ৰীয় নির্বাচন আয়োগৰ অনুসৰি, ২০০১ চনৰ লোকপিয়ল অনুসৰি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যাৰ নিৰ্ধাৰণ কৰা হৈছে। ২০০১ চনৰ লোকপিয়ল মতে ৰাজ্যৰ মুঠ জনসংখ্যা ২,৬৬,৫৫,৫২৮ গৰাকী। ইয়াৰে অনুসূচিত জাতিৰ লোকৰ সংখ্যা হৈছে ১৮,২৫,৯৪৯ গৰাকী। এই অনুপাতৰ ভিত্তিতে অসমত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টিৰ সংখ্যা ৯ টা আৰু লোকসভা সমষ্টিৰ বাবে সংখ্যা এটা কৰিব লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছে।
অনুসূচীত জাতিৰ বাবে সংৰক্ষিত ৯ টা বিধান সভাৰ সমষ্টিৰ নাম –
১. বৰপেটা ২. হাজো ৩. ডিমৰীয়া ৪. জাগীৰোড ৫. ৰহা ৬. বিহালী ৭. নাওবৈচা ৮. নৰসিংহপুৰ ৯. ৰাতাবাৰী
১ টা লোকসভা সমষ্টিৰ নাম – ১. শিলচৰ
তেনেদৰে ২০০১ চনৰ লোকপিয়লমতে ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৩৩,০৮,৫৭০ গৰাকী অনুসূচিত জনজাতি লোক। সেই অনুপাতে, অসমত অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টিৰ সংখ্যা ১৯ টা আৰু লোকসভা সমষ্টিৰ বাবে সংখ্যা দুটা কৰিব লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছে।
অনুসূচিত জন জাতিৰ বাবে সংৰক্ষিত ১৯ টা বিধান সভাৰ সমষ্টিৰ নাম –
১. দোতমা ২. কোকৰাঝাৰ ৩. গোৱালপাৰা ৪. দুধনৈ ৫. চিদলী চিৰাং ৬. বকো ৭. বাক্সা ৮. তামুলপুৰ ৯. ওদালগুৰি ১০. ঢকুৱাখানা ১১. ধেমাজী ১২. জোনাই ১৩. মাজুলী ১৪. বোতাজান ১৫. হাওৰাঘাট ১৬. ডিফু ১৭. ৰংখাং ১৮. আমুৰি ১৯. ডিমা হাচাও
অনুসূচিত জন জাতিৰ বাবে সংৰক্ষিত ২ টা লোকসভা সমষ্টিৰ নাম –
১. ডিফু ২. কোকৰাঝাৰ
নামনি-মধ্য অসমত সমষ্টিৰ সংখ্যা ব্যাপক সাল-সলনি,
কামৰূপ মহানগৰ,
কামৰূপ মহানগৰৰ পূৰ্বক চাৰিটা বিধানসভাৰ সমষটিৰ পৰিৱৰ্তে এতিয়া পাঁচটা বিধানসভাৰ সমষ্টি থাকিব।
বিলুপ্তিকৰণ সমষ্টি – পশ্চিম গুৱাহাটী আৰু পূব গুৱাহাটী
নতুন সমষ্টিৰ সৃষ্টি – ডিমৰীয়া(এচ চি), নিউ গুৱাহাটী আৰু গুলাহাটী চেন্ট্ৰল
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. দিছপুৰ ২. ডিমৰীয়া(এচ চি) ৩. নিউ গুৱাহাটী ৪. গুৱাহাটী চেন্ট্ৰেল ৫. জালুকবাৰী
কোকৰাঝাৰ জিলা –
কোকৰাঝাৰ জিলাত পূৰ্বৰ তিনিটা সমষটিৰ পৰিৱৰ্তে ৫ টা সমষ্টি থাকিব।
বিলুপ্তিকৰণ সমষ্টি – কোকৰাঝাৰ পশ্চিম আৰু কোকৰাঝাৰ পূব।
নতুন সমষ্টিৰ প্ৰস্তাৱ – বাওখুংগ্ৰী, দোতমা(এছ টি), পৰ্বতঝাৰা
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. গোসাইগাঁও ২. দোতমা (এচ টি) ৩. কোকৰাঝাৰ (এচ টি) ৪. বাওখুংগ্ৰী ৫. পৰ্বতঝাৰা
চিৰাং জিলা –
সমষ্টি সংখ্যা পূৰ্বৰ দৰে ২ টাই আছে।
বিলুপ্তিকৰণ সমষ্টি – চিদলী
নতুন সমষ্টিৰ প্ৰস্তাৱ – চিদলী চিৰাং (এচ টি)
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. বিজনী ২. চিদলী চিৰাং (এচ টি)
বাক্সা জিলা-
বাক্সাৰ পূৰ্ব তিনিটা সমষ্টি পৰিৱৰ্তে ৪ টা সমষ্টি থাকিব । জিলাখনৰ তামুলপুৰ সমষ্টিক এচ টি বাবে সংৰক্ষিত কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
বিলুপ্তিকৰণ সমষ্টি – বাৰ্মা(এচ টি), চপাগুৰি (এচ টি)
নতুন সমষ্টিৰ প্ৰস্তাৱ – গোৱধৰ্না, বাক্সা(এচ টি), গোৰেশ্বৰ
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. তামুলপুৰ (এচ টি) ২. গোৱধৰ্না ৩. বাক্সা (এচ টি) ৪. গোৰেশ্বৰ
ওদালগুৰি জিলা –
ওদালগুৰিৰ পূৰ্বৰ তিনিটা সমষ্টিৰ পৰিৱৰ্তে চাৰিটা সমষ্টিৰ বাবে প্ৰস্তাৱ।
বিলুপ্তিকৰণ সমষ্টি – পানেৰী আৰু কলাইগাঁও
নতুন সমষ্টিৰ প্ৰস্তাৱ – ভেৰগাঁও, টংলা
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. ভেৰাগাঁও ২. ওদালগুৰি (এচ টি) ৩. মাজবাট ৪. টংলা
ধুবুৰী জিলা –
ধুবুৰীৰ জিলাৰ সমষ্টিৰ সংখ্যা পৰিৱৰ্তন হোৱা নাই। পূৰ্বৰ পাঁচটা সমষ্টিয়ে সংখ্যাই ৰখা হৈছে।
বিলুপ্তিকৰণ সমষ্টি – বিলাসীপাৰা (পূব), বিলাসীপাৰা (পশ্চিম)
নতুন সমষ্টিৰ প্ৰস্তাৱ – মানকাচাৰ আৰু বিলাসীপাৰা
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. গোলকগঞ্জ ২. গৌৰীপুৰ ৩. ধুবুৰী ৪. মানকাচাৰ ৫. বিলাসীপাৰা
গোৱালপাৰা জিলা –
জিলাখনত সমষ্টিৰ সংখ্যা একেই আছে যদিও গোৱালপাৰা (পশ্চিম) সমষ্টিটোক এছ টিৰ বাবে সংৰক্ষণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
বিলুপ্তিকৰণ সমষ্টি – কৰা হোৱা নাই
নতুন সমষ্টিৰ প্ৰস্তাৱ – কৰা হোৱা নাই
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. জলেশ্বৰ ২. গোৱালপাৰা (পশ্চিম, এছ টি) ২. গোৱালপাৰা (পূব) ৪. দুধনৈ (এছ টি)।
দক্ষিণ শালমাৰা জিলা-
দক্ষিণ শালমাৰা জিলাত পূৰ্বৰ দুটা সমষ্টিৰ পৰা কেবল এটা সমষ্টিহে ৰখা প্ৰস্তাৱ কৰা হৈছে।
বিলুপ্তিকৰণ সমষ্টি – মানকাচাৰ
নতুন সমষ্টিৰ প্ৰস্তাৱ – কৰা হোৱা নাই
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. দক্ষিণ শালমাৰা
বঙাইগাঁও জিলা-
বঙাইগাঁও জিলাত তিনিটা সমষ্টিৰ বাবে প্ৰস্তাৱ ৰখা হৈছে।
বিলুপ্তিকৰণ সমষ্টি – অভয়াপুৰী (উত্তৰ) আৰু অভয়াপুৰী (দক্ষিণ)
নতুন সমষ্টিৰ প্ৰস্তাৱ – মাণিকপুৰ
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. অভয়াপুৰী ২. মাণিকপুৰ ৩. বঙাইগাঁও
বৰপেটা জিলা-
বৰপেটা জিলাত সমষ্টিৰ সংখ্যা পূৰ্বৰ আঠটাৰ পৰা ছটালৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ। বৰপেটা সমষ্টিটো এছ চিৰ বাবে সংৰক্ষণ বাবে প্ৰস্তাৱ।
বিলুপ্তিকৰণ সমষ্টি – সৰভোগ, পাটাছাৰকুছি, জনিয়া, বাঘবৰ আৰু সৰুক্ষেত্ৰী
নতুন সমষ্টিৰ প্ৰস্তাৱ – মন্দিয়া আৰু ৰূপসী
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. বৰপেটা (এছ চি) ২. মন্দিয়া ৩. ৰূপসী ৪. ভৱানীপুৰ ৫. চেঙা ৬. বজালী
নলবাৰী জিলা-
নলবাৰী জিলাত সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰে তিনিটাই আছে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী আৰু নলবাৰী সমষ্টিৰ চাৰিসীমা সাল-সলনি কৰা হৈছে।
বিলুপ্তিকৰণ সমষ্টি – ধৰ্মপুৰ
নতুন সমষ্টিৰ প্ৰস্তাৱ – টিহু
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. বৰক্ষেত্ৰী ২. নলবাৰী ৩. টিহু
কামৰূপ গ্রাম্য জিলা–
কামৰূপ গ্রাম্য জিলাৰ সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰে ৬ টা আছে।
বিলুপ্তিকৰণ সমষ্টি – ছয়গাঁও
নতুন সমষ্টিৰ প্ৰস্তাৱ – ছমৰীয়া
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. ছমৰীয়া ২. বকো (এছ টি) ৩. পলাশবাৰী ৪. হাজো (এছ চি) ৫. ৰঙিয়া আৰু ৬. কমলপুৰ
দৰং জিলা –
দৰং জিলাত সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰে তিনিটাই আছে। কেৱল মঙলদৈ সমষ্টিটো এছ চিৰ বাবে সংৰক্ষিত কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
বিলুপ্তিকৰণ সমষ্টি – কৰা হোৱা নাই
নতুন সমষ্টিৰ প্ৰস্তাৱ – কৰা হোৱা নাই
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. মঙলদৈ (এছ চি) ২. ছিপাঝাৰ আৰু ৩. দলগাঁও
নগাঁও জিলা –
নগাঁও জিলাত সমষ্টিৰ সংখ্যা ১০ ৰখাৰ বাবে প্ৰস্তাৱ কৰা হৈছে।
বিলুপ্তিকৰণ সমষ্টি – কৰা হোৱা নাই
নতুন সমষ্টিৰ প্ৰস্তাৱ – বিন্নাকান্দি, হোজাই আৰু লামডিং
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. বটদ্ৰৱা ২. ৰূপহীহাট ৩. কলিয়াবৰ ৪. চামগুৰি ৫. বঢ়মপুৰ ৬. নগাঁৱ ৭. বিন্নাকান্দি ৮. হোজাই ৯. লামডিং ১০. ৰহা
উজনি- উত্তৰ অসমত সমষ্টিৰ কিছু সাল-সলনি,
তিনিচুকীয়া জিলা –
তিনিচুকীয়া জিলাত পূৰ্বৰ পাঁচটা বিধানসভা সমষ্টি পৰিৱৰ্তে ৬ টা সমষ্টিলৈ বৃদ্ধিৰ প্ৰস্তাৱ।
বিলুপ্তিকৰণ সমষ্টি – কৰা হোৱা নাই
নতুন সমষ্টিৰ প্ৰস্তাৱ – মাকুম
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. শদিয়া, ২. ডুমডুমা, ৩. মাৰ্ঘেৰিটা, ৪. ডিগবৈ, ৫. মাকুম আৰু ৬. তিনিচুকীয়া।
ডিব্ৰুগড় জিলা –
ডিব্ৰুগড় জিলাত পূর্ব সাতটা সমষ্টিক হ্ৰাস কৰি ৬ টালৈ কৰা হ’ব।
বিলুপ্তিকৰণ সমষ্টি – লাহোৱাল
নতুন সমষ্টিৰ প্ৰস্তাৱ – কৰা হোৱা নাই
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. চাবুৱা, ২. ডিব্ৰুগড়, ৩. মৰাণ, ৪. দুলীয়াজান, ৫. টিংখাং আৰু ৬. নাহৰকটীয়া
চৰাইদেউ জিলা –
চৰাইদেউ জিলাত কোনো সমষ্টিৰ নাম বা সংখ্যা সাল-সলনি হোৱা নাই।
শিৱসাগৰ জিলা –
শিৱসাগৰ জিলাৰ পূৰ্বৰ চাৰিটা সমষ্টিক হ্ৰাস কৰি তিনিটা সমষ্টি কৰা হ’ব।
বিলুপ্তিকৰণ সমষ্টি – থাওৰা আৰু মাহমৰা
নতুন সমষ্টিৰ প্ৰস্তাৱ – ডিমৌ
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. ডিমৌ, ২. শিৱসাগৰ আৰু ৩. নাজিৰা
মাজুলী জিলা –
মাজুলী জিলাত পূৰ্বৰ দৰেই ST ৰ সংৰক্ষিত এটা সমষ্টিৰে সৈতে একে থাকিব। কোনো ধৰণৰ সাল-সলনি কৰা হোৱা নাই।
যোৰহাট জিলা –
যোৰহাট জিলাৰ পূৰ্বৰ চাৰিটা বিধানসভা সমষ্টিৰ সংখ্যা আৰু নামৰ কোনো সাল-সলনি হোৱা নাই। কেৱল মাত্ৰ যোৰহাট, টীয়ক, মৰিয়নী আৰু তিতাবৰ সমষ্টিৰ চাৰিসীমা হ’ব পৰিবৰ্তন।
গোলাঘাট জিলা –
গোলাঘাট জিলা পূৰ্বৰ পাঁটটা বিধানসভা সমষ্টিৰ সংখ্যা আৰু নামৰ কোনো সাল-সলনি হোৱা নাই। কেৱল মাত্ৰ জিলাখনৰ সৰুপথাৰ, খুমটাই, বোকাখাত, দেৰগাঁও আৰু গোলাঘাট বিধানসভা সমষ্টিৰ চাৰিসীমা হ’ব পৰিবৰ্তন।
ধেমাজি জিলা –
ধেমাজিত পূৰ্বৰ দুটা বিধানসভাৰ সমষ্টিৰ সৈতে বৃদ্ধি পাইছে আৰু এটা সমষ্টি। এতিয়াৰে পৰা ৩ টা বিধানসভা সমষ্টিৰে গঠিত হ’ব ধেমাজি জিলা ।
বিলুপ্তিকৰণ সমষ্টি – কৰা হোৱা নাই
নতুন সমষ্টিৰ প্ৰস্তাৱ – চিচিবৰগাঁও
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. ধেমাজি(ST), ২. জোনাই(ST), ৩. চিচিবৰগাঁও
লখিমপুৰ জিলা –
লখিমপুৰ জিলাতো বৃদ্ধি পাইছে এটা বিধানসভা সমষ্টি। পূৰ্বৰ চাৰিটা সমষ্টিৰ পৰিৱৰ্তে এতিয়াৰে পৰা থাকিব পাঁচটা সমষ্টি।
বিলুপ্তিকৰণ সমষ্টি – কৰা হোৱা নাই
নতুন সমষ্টিৰ প্ৰস্তাৱ – ৰঙানদী
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. বিহপুৰীয়া, ২. নাওবৈচা (এছ চি), ৩. লখিমপুৰ, ৪. ঢকুৱাখনা (এছ টি), ৫. ৰঙানদী
শোণিতপুৰ জিলা –
শোণিতপুৰ জিলাত পূৰ্বৰ পাঁটটা বিধানসভা সমষ্টিৰ সংখ্যা আৰু নামৰ কোনো সাল-সলনি হোৱা নাই। কেৱল মাত্ৰ জিলাখনৰ ঢেকীয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা, চতিয়া, বিশ্বনাথ, বিহালী (এছ চি) আৰু গহপুৰ বিধানসভা সমষ্টিৰ চাৰিসীমা হ’ব পৰিবৰ্তন।
বৰাক উপত্যকাটো কৰা হৈছে সমষ্টিৰ কিছু সাল-সলনি,
হাইলাকান্দি জিলাত-
হাইলাকান্দি জিলাত কৰা হ্ৰাস কৰা হৈছে এটা বিধানসভাৰ সমষ্টি। পূৰ্বৰ ৩ সমষ্টিৰ পৰিৰ্ৱতে দুটা সমষ্টি হে লাভ কৰিব জিলাখনে।
বিলুপ্তিকৰণ সমষ্টি – কাটলিছেৰা
নতুন সমষ্টিৰ প্ৰস্তাৱ – কৰা হোৱা নাই
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. হাইলাকান্দি আৰু ২. আলগাপুৰ
কৰিমগঞ্জ জিলাত –
কৰিমগঞ্জ জিলাৰ পূৰ্বৰ পাঁচটা সমষ্টিক চাৰিটালৈ হ্ৰাস কৰা হৈছে।
বিলুপ্তিকৰণ সমষ্টি – পাথাৰকান্দি
নতুন সমষ্টিৰ প্ৰস্তাৱ – কৰা হোৱা নাই
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. ৰতাবাৰী(SC), ২. কৰিমগঞ্জ উত্তৰ, ৩. কৰিমগঞ্জ দক্ষিণ, ৪. বদৰপুৰ
কাছাৰ জিলা –
কাছাৰ জিলাত সমষ্টিৰ সংখ্যা সাল-সলনি কৰা হোৱা নাই। পূৰ্বৰ আগৰ দৰে ৭ সমষ্টি সংখ্যা বাহাল থাকিব। কেৱল ধলাই সমষ্টি বিলুপ্তকৰণ কৰি নৰসিংপুৰ সমষ্টি নাম দিয়া হৈছে। পিছে ধলাই সমষ্টিৰ দৰে নৰসিংপুৰ সমষ্টিও অনুসূচীত জাতিৰ বাবে সংৰক্ষিত থাকিব।
বিলুপ্তিকৰণ সমষ্টি – ধলাই
নতুন সমষ্টিৰ প্ৰস্তাৱ – নৰসিংহপুৰ(SC)
সৰ্বমুঠ প্ৰস্তাৱিত সমষ্টিৰ নাম – ১. শিলচৰ, ২. সোনাই, ৩. নৰসিংহপুৰ, ৪. উধৰবণ্ড, ৫. লখিপুৰ, ৬. বৰখোলা, ৭. কাটিগোৰাহ