বোকাখাত, উত্তম কুমাৰ শৰ্মা : ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত এটা অন্যতম বৃহৎ সমষ্টি হিচাপে পৰিগণিত বোকাখাত বিধানসভা সমষ্টি। চৰকাৰী পৰিসংখ্যা মতে ২লাখ ৩ হাজাৰতকৈ অধিক জনসংখ্যা থকা বৃহৎ অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত অন্যতম প্ৰতিবন্ধকতা হৈছে নিবনুৱা সমস্যা।

No Development zone ৰ লগতে কাজিৰঙা ECO sensitive zoneৰ অন্তৰ্ভূক্ত হোৱা বাবে বৃহৎ উদ্যোগ নিৰ্মাণৰ পৰা বঞ্চিত অঞ্চলটো। ফলস্বৰূপে কৃষিকাৰ্যৰ লগতে পশুপালন তথা মৎস্য পালনেৰে জীৱন-জীৱিকাৰ পথ উলিয়াব লগা হয় অঞ্চলটোৰ নিবনুৱা সকলে।

কিন্তু লক্ষ্যণীয়ভাৱে কৃষি ,পশুপালনৰ উপৰিও বৈজ্ঞানিক পদ্ধতি অৱলম্বনৰ জৰিয়তে মৎস্য উৎপাদন কৰিও অৰ্থনৈতিক উন্নয়নৰ লগতে  নিৱনুৱা সমস্যা সমাধানৰ সম্ভাৱনা থকা অঞ্চলটোত বৰ্তমানেও অব্যৱহৃত অৱস্থাত আছে হাজাৰ হাজাৰ বিঘা চৰকাৰী “জলাহ ভূমি”। ইফালে ব্ৰহ্মপুত্ৰ ধনশিৰি আৰু গেলাবিল নদীয়ে যুগ যুগ ধৰি উৰ্বৰা কৰি অহাৰ লগতে নদীকেইখনে সমষ্টিটোৰ বহুকেইখন বিল আৰু জলাহ সমুহত প্ৰতিবছৰে উপচাই আহিছে থলুৱা মাছৰ বহু প্ৰজাতি।

কিন্তু অঞ্চলটোত ব্যাপক পৰিমাণত থকা এই বিল আৰু জলাহ সমুহৰ থলুৱা মাছে জোৰা মাৰিব নোৱাৰে বোকাখাত সমষ্টিবাসীৰ। ইয়াৰ বিপৰীতে  কেৱলমাত্ৰ বোকাখাতৰ দৈনিক বজাৰখনলৈ প্ৰতি সপ্তাহে আমদানি হয় ৭ ৰ পৰা ৮লাখ টকা পৰ্যন্ত চালানী মাছ। অথ্যাৎ বছৰি ৩ৰ পৰা ৪কোটি টকা পৰ্যন্ত চালানী মাছৰ আমদানি হয় কেৱলমাত্ৰ বোকাখাতৰ দৈনিক মাছৰ বজাৰখনলৈ।

স্বাভাৱিকতে প্ৰশ্ন হয়- ব্যাপক পৰিমাণৰ মৎস্য উৎপাদনৰ সম্ভাৱনা থকাৰ পাছতো  বোকাখাতৰ জনসাধাৰণৰ হকে মাছৰ জোৰা মাৰিবলৈ  থলুৱা ব্যৱসায়ীয়ে প্ৰতিদিনে চালানী মাছৰ নামতে কিয় লাখ লাখ টকা বহন কৰিবলগীয়া হৈছে?

উল্লেখযোগ্য যে বোকাখাত বিধান সভা সমষ্টিত চৰকাৰী তথ্য অনুসৰি প্ৰায় ১১২৪ বিঘা মাটিকালি সামৰি আছে ১৭ খনকৈ বৃহৎ ৰাজহ বিল আৰু অসখ্য সৰু বৰ পিতনি। পৰিতাপৰ কথা  যে অসম চৰকাৰ মীন বিভাগে বিজ্ঞানসন্মত  উৎপাদনেৰে  মৎস্য উৎপাদনৰ ক্ষেত্ৰখনলৈ বৈপ্লবীক পৰিবৰ্তন অনা বুলি সততে দম্ভালি মৰাৰ বিপৰীতে কিন্তু  বোকাখাত বিধান সভা সমষ্টিত  মৎস্য উৎপাদনৰ ছবিখন অত্যন্ত পুতৌজনক হোৱাহে পৰিলক্ষিত হৈছে।

যি সময়ত কেৰালাৰ লগতে কেইবাখনো বহিঃৰাজ্যই থলুৱা মৎস্য উৎপাদনৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে তেনে সময়ত কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ বিভিন্ন  প্ৰজাতিৰ মাছেৰে উভৈনদী কেইবাখনো ৰাজহ বিল আৰু  পিতনি এতিয়া বেদখলৰ কবলতহে।

মৎস উৎপাদনৰ বিপুল সম্ভাৱনা থকা এই বৃহৎ বৃহৎ বিল আৰু জলাহ সমুহত আজিলৈকে কোনো ধৰণৰ বিজ্ঞান সন্মত পদ্ধতিৰে  মৎস উৎপাদনৰ বাবে প্ৰচেষ্টা লোৱা দেখা নগ’ল জিলা মীন বিভাগৰ লগতে বিধায়ক তথা মন্ত্ৰী অতুল বৰাক ।

কেৱল মাত্ৰ দলীয় নেতা কৰ্মীৰ ব্যক্তিগত ফিচাৰীলৈ চৰকাৰী সা-সুবিধা আগবঢ়াই বাহ বাহ লোৱা মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত মন্ত্ৰীজনে দুটা কাৰ্যকাল লাভ কৰাৰ পাছতো স্থাপন কৰিব নোৱাৰিলে “এটা মীন বিভাগৰ  কাৰ্যালয়”।ইয়াতকৈয়ো লজ্জাজনক কথা যে কৃষি মন্ত্ৰী অতুল বৰাৰ দুটা কাৰ্যকালত গৃহ সমষ্টি বোকাখাতৰ   ৯ হেক্টৰ মাটিকালিৰ একমাত্ৰ চৰকাৰী মীন পামখন আজিও পৰিত্যক্ত অৱস্থাত থকাৰ লগতে পামখনৰ  ২৪ টা ফিচাৰিত আজিপৰ্যন্ত নপৰিল এটাও মাছ।

অৱশ্যে অনাগত দিনতো মীন বিপ্লৱৰ জৰিয়তে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন তথা নিবনুৱা সমস্যা সমাধানৰ আশা কৰিব পাৰি যদিও এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ সদিচ্ছা জাগিব নে নাই সেয়াহে হ’ব লক্ষণীয় বিষয়।

লগতে পঢ়ক : অনুৰাধা শৰ্মা পূজাৰী, ফণীন্দ্র কুমাৰ দেৱ চৌধুৰী, জুবিন গাৰ্গে উন্মােচন কৰিলে ‘জার্নি অৱ এ মিউজিচিয়ান’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply