চন্দন বৰা, কমাৰগাঁও: গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত কমাৰগাঁৱত আজি সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড।

কমাৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ‘চাংঘৰ ঢাবা’ত আজি দিনৰ প্ৰায় ১০.৩০ বজাত এটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডৰ ফলত বিষ্ণু জ্যোতি সোনোৱালৰ ঢাবাখন নিমিষতে জ্বলি চাৰখাৰ হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

হোটেলখনত থকা দুটা চিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ ফলত সমগ্ৰ অঞ্চলতোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷ ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

উক্ত অগ্নিকাণ্ডৰ ফলত দুই লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হৈছে বুলি জানিব পৰা গৈছে৷

লগতে পঢ়ক – Wimbledon 2022: আধৰুৱা হৈ ৰ’ল সপোন, পেছাদাৰী টেনিছৰ পৰা বিদায় ছানিয়া মিৰ্জাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply