নিউজ ডেস্ক: বটদ্ৰৱা থানাত আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যু হোৱাৰ অভিযোগত একাংশ লোকে আৰক্ষী থানাখন জ্বলাই দিয়াৰ এদিন পিছতে থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক নিলম্বন কৰা হয়। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই জানিবলৈ দিয়ে।
আনহাতে আৰক্ষী থানাত অগ্নি সংযোগ কৰি আইন হাতত তুলি লোৱাসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা হ’ব বুলিও ইংগিত দিয়ে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।
উক্ত ঘটনা সম্পৰ্কত টুইটাৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাস্কৰজ্যেতি মহন্তই দোষীক আইন মতে শাস্তি বিহা হ’ব বুলি কয়।
যি গৰাকী ছফিকুলৰ মৃত্যুক লৈ বটদ্ৰৱাত এই আৰক্ষী থানা আক্ৰামণৰ কাণ্ড সংঘটিত হৈছিল সেই গৰাকী ছফিকুলক ২০ মে’ৰ নিশা মদ খাই নিচা কৰাৰ এক অভিযোগত থানালৈ অনা হৈছিল বুলি এটা ফে’চবুক প’ষ্টত তেওঁ উল্লেখ কৰে।
অৱশ্যে পিছ দিনা পত্নীৰ হাতত চমজাই দিয়া হৈছিল বুলি উল্লেখ কৰি মহন্তই লগতে কয় যে লোকজনক অসুস্থ হৈ পৰাত দুখন চিকিৎসালয়লৈও নিয়া হৈছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ মৃত্যুক সাবটি লয়।
সমগ্ৰ ঘটনাটোক অসম আৰক্ষীয়ে গুৰুত্বসহকাৰে লোৱা বুলি মন্তব্য তৰি মহন্তই কয় যে ‘যদি কোনোবাই আৰক্ষী থানাত অগ্নি সংগযোগ কৰি ভাৰতীয় আইন ব্যৱস্থাৰ পৰা হাৰি যাম ভাবিছে’ তেওঁলোকৰ বাবে আৰক্ষী অধিক কঠোৰ হ’ব।
‘’আমি এনে হ’বলৈ এৰি নিদিওঁ। সকলো অপৰাধী দুষ্ট চক্ৰৰ বাবে এইয়া সতৰ্কবানী হওক,’’ তেওঁ কয়।
ইপিনে নিহত লোকজনৰ পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি আৰক্ষীয়ে ছফিকুল এৰি দিয়াৰ বাবদ তেওঁৰ পৰা ১০,০০০ টকা আৰু এটা হাঁহ বিচাৰিছিল আৰু তেওঁৰ পত্নীয়ে এটা হাঁহ লৈ শনিবাৰে পুৱা আৰক্ষী থানাত উপস্থিত হৈছিল।
কিন্তু যেতিয়া তেওঁ পইচা লৈ পুনৰ থানালৈ আহে তেতিয়ালৈ ছফিকুলক নগাঁও আৰক্ষী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসালয়ত পতিক মৃত অৱস্থাত উদ্ধাৰ কৰে বুলি তেওঁ দাবী কৰে।
লোকজনৰ আৰক্ষীৰ নিৰ্যাতনৰ ফলত মৃত্যু হোৱা বুলি অভিযোগ কৰি একাংশ স্থানীয় লোকে থানা ঘেৰাও কৰি পিছত অগ্নি সংযোগ কৰি দিয়ে।
লগতে পঢ়ক – আলফা স্বাধীনৰ শিবিৰত মৃত্যু হোৱা বিজু গগৈৰ আদ্যশ্ৰাদ্ধ সম্পন্ন