গুৱাহাটী : ঢলপুৰ উচ্ছেদ অভিযানে এটা মাহ অতিক্ৰম কৰিলে। আৰক্ষীৰ গুলীত দুজনকৈ লোকে প্ৰাণ হেৰুৱা চৰকাৰৰ এই উচ্ছেদ অভিযানে অঞ্চলটোৰ কেইবা শতাকিধ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ অনিশ্চয়তা নমাই আনিলে।

উক্ত অভিযানতকৈ ৮০০টাতকৈ অধিক পৰিয়ালক উচ্ছেদ কৰাৰ উপৰি চৰকাৰে উচ্ছেদিত এলেকাৰ ভিতৰত পৰা ঢলপুৰৰ চাৰিখন চৰকাৰী বিদ্যালয় আৰু ৮ টা অংগনবাদী কেন্দ্ৰ বন্ধ কৰি পেলায়। উক্ত চাৰিখন বিদ্যালয়ৰ ভিতৰত তিনিখন প্ৰাথমিক বিদ্যালয় আৰু এখন মধ্য ইংৰাজী বিদ্যালয় আছিল।

ইয়াৰে, বৰ্তমান কাম চলাই থকা প্ৰস্তাৱিত কৃষি প্ৰকল্পৰ ভিতৰত পৰা ১ নং ঢলপুৰৰ ২৯০ নং মাজৰখণ্ড অংগনৱাদী কেন্দ্ৰটোত বৰ্তমান গাহৰিৰ গঁৰাললৈ পৰিণত কৰা হৈছে বুলি অংগনৱাদী কেন্দ্ৰটোৰ কৰ্মী মেহেৰুন নেছাই সদৰী কৰে।

‘মোৰ কেন্দ্ৰটোত ১২০ গৰাকী ছাত্ৰ-ছাত্ৰী আছিল, এতিয়া কেন্দ্ৰটো বন্ধ কৰি দিয়াৰ ফলত ল’ৰা-ছোৱালী বিলাকৰ পঢ়া-শুনাৰ ক্ষেত্ৰত যথেষ্ট সমস্যা হৈছে। কেন্দ্ৰটোত এতিয়া কৃষি প্ৰকল্পত কাম কৰা মানুহে গাহৰি পুহিছে। গতিকে প্ৰশাসনে যদি কিবা ব্যৱস্থা কৰি দিয়ে তেতিয়া মই কেন্দ্ৰটো তাৰ পৰা বস্তু বাহানিসমূহ উঠাই অন্য ঠাইত পাতিব পাৰো,’ মেহেৰুন নেছাই কয়।

যোৱা ১৯ অক্টোবৰত মেহেৰুন নেছাৰ সৈতে ইষ্টম’জ’ৰ প্ৰতিবেদকে বন্ধ হৈ পৰা অংগনবাদী কেন্দ্ৰটো চাবলৈ যাব খোজাত প্ৰস্তাৱিত কৃষি প্ৰকল্পত কাম কৰি থকা কেইগৰাকীমান যুৱকে তেওঁলোকক বাধা আৰুপ কৰে আৰু সেই স্থানত কোনোধৰণৰ ফটো আদি গ্ৰহণ কৰিবলৈ দিয়া নহয় বুলি কয়।

২৯০ নং মাজৰখণ্ড অংগনৱাদী কেন্দ্ৰ

অংগনবাদী কেন্দ্ৰসমূহকে ধৰি এই সকলো বিলাক বিদ্যালয় অসম চৰকাৰে গৰুখুটিত আৰম্ভ কৰা প্ৰস্তাৱিত কৃষি প্ৰকল্পৰ ভিতৰত পৰে। মন কৰিবলগীয়া কথাটো হৈছে যে বন্ধ কৰি পেলোৱা আটাইকেইখন বিদ্যালয় ১৫-২০ বছৰ পূৰ্বেই চৰকাৰী স্বীকৃতি পোৱাৰ লগতে প্ৰতিখন বিদ্যালয়ত ১৫০ৰ পৰা ২৫০ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছিল। তদুপৰি বিদ্যালয় কেইখনত টেট উত্তীৰ্ণ শিক্ষক-শিক্ষয়িত্ৰীক শিক্ষাদান কৰি আহিছিল।

‘মোৰ বিদ্যালয়ত ১৩২ গৰাকী ছাত্ৰ-ছাত্ৰী আছিল। যোৱা এমাহৰ পৰা তেওঁলোক শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হৈ আছে। কিছুদিন পূৰ্বে ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীক মই জনকল্যান প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিওঁ,’ মাজৰ চুবা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল আজিজে কয়।

২০০৪ চনত প্ৰতিষ্ঠা হোৱা মাজৰ চুবা প্ৰাথমিক বিদ্যালয়ে ২০০৯ চনত প্ৰাদেশিকীকৰণ হয়।বিদ্যালয়খনৰ দুয়োগৰাকী শিক্ষকক প্ৰায় ৩-৪ কিলোমিটাৰ আঁতৰৰ কুমাৰচৰ প্ৰাথমিক বিদ্যালয়লৈ সলনি কৰা হয় যদিও কাৰ্যকৰী অৱস্থাত থকা সমীপৰ কোনো এখন বিদ্যালয়তে বন্ধ হৈ পৰা বিদ্যালয় কেইখনৰ আটাইবিলাক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পৰাকৈ পৰ্য্যাপ্ত আসন নাই।

মাজৰ চুবা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল আজিজ আৰু শিক্ষয়িত্ৰী আজীৰণ নেছা

মাজৰ চুবা প্ৰাথমিক বিদ্যালয়ৰ দৰে একেই অসুবিধাৰ সন্মুখীন হৈছে পূব ঢলপুৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হাজৰা খাতুন। যোৱা ৯ অক্টোবৰত খাতুনক বালিপাৰা নিম্ন প্ৰাথমিক বিদ্যালয়লৈ স্থানান্তৰ কৰা হয়।

‘যোৱা ৯ অক্টোবৰত মোক বদলিকৰণৰ জাননী দিয়া হৈছিল। বৰদ’লগুৰি ব্লক অফিচে মাতি নি মোৰ হাতত ট্ৰান্সফাৰ লেটাৰখন তুলি দিছিল, কিন্তু মোৰ ১৬৫ গৰাকী ছাত্ৰ-ছাত্ৰী ক’ত যাব সেই সম্পৰ্কে কোনো কথা জনোৱা নাই,’ তেওঁ কয়।

উচ্ছেদ অভিযান চলা ১ নং ঢলপুৰ গাঁৱৰ পূব ঢলপুৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী খাতুনে নিজেও বৰ্তমান তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ দৰে অস্থায়ী আশ্ৰয় শিবিৰত দিন পাৰ কৰিবলগীয়া হৈছে।

এই পৰ্য্যন্ত তেওঁ নিজৰ বিদ্যালয়ৰ ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক তেওঁ বদলি হোৱা বালিপাৰা নিম্ন প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাবলৈ সক্ষম হৈছে যদিও বাকী ৯৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালৈকে ক’তো নাম লগাব পৰা নাই।

‘যিহেতু এই ল’ৰা-ছোৱালীখিনিক মই পঢ়াই আছিলো সিহঁতক মই নিজৰ লগতে নিব খুজিছিলো। কিন্তু গোটেই ছাত্ৰ-ছাত্ৰীখিনিক নামভৰ্তি কৰাব পৰাকৈ কোনো এখন বিদ্যালয়তে পৰ্য্যাপ্ত আসনৰ ব্যৱস্থা নাই। মোৰ আগৰ বিদ্যালয়খনত চাৰিটা শ্ৰেণীকক্ষ আছিল কিন্তু এতিয়াৰ খনত মাত্ৰ দুটা শ্ৰেণীকক্ষ আছে।’ তেওঁ কয়।

খাতুনে উচ্ছেদ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়ৰ সমস্যাৰ বিষয়টো ছিপাঝাৰৰ খণ্ড বিষয়াৰ কাৰ্য্যালয়ৰ আগত উত্থাপন কৰিছিল যদিও তেওঁলোকে ইয়াৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰা বুলি তেওঁ অভিযোগ কৰে।

অতি আক্ষেপেৰে তেওঁ কয়, ‘এজন বিষয়াই মোক বালিপাৰা নিম্ন প্ৰাথমিক বিদ্যালয়লৈ আৰু বাকী ৫ গৰাকী শিক্ষকক টাউনত থকা বিদ্যালয়ললৈ বদলি কৰা হৈছে বুলি জনায়, কিন্তু মই ছাত্ৰ-ছাত্ৰীসকলৰ কথা সোধাত তেওঁ কয়, ‘সিহঁতে গছৰ তলত পঢ়ক।’’

পূব ঢলপুৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ তৃতিয় শ্ৰেণীৰ ছাত্ৰ আটিফ আছলামৰ পিতৃ মইনুল হকে বিদ্যালয় বন্ধ হৈ পৰাৰ ফলত পুত্ৰৰ ভৱিষ্যতক লৈ অনিশ্চয়তা আহি পৰা উল্লেখ কৰি কয়, ‘বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে তাক অন্য বিদ্যালয়ত নামভৰ্তি কৰাবলৈ চেষ্টা কৰি আছে যদিও সমীপৰ বিদ্যালয়সমূহত ইতিমধ্যে সীমিত সংখ্যক আসনৰ বাবে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ বাবে বাট চাই থাকিবলগীয়া হৈছে।’  

ঘৰ ভাঙি পেলোৱাৰ পিছত বিকল্প স্থানত অভাৱত উচ্ছেদিত লোকসকলে বাহৰ পাতি থকা অস্থায়ী শিবিৰসমূহ

কেৱল প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰে নহয়, উচ্ছেদৰ পিছৰ পৰা ঢলপুৰ অঞ্চলৰ মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ ক্ষেত্ৰতো বহু বাধা-সমস্যা আহি পৰিছে। উচ্ছেদৰ ফলত ঢলপুৰৰ উচ্ছেদিত লোকসকলৰ বাবে গৰুখুটিলৈ অহা-যোৱা কৰা মূল বাটতো বন্ধ হৈ পৰে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়লৈ যোৱা মূল পথটোলৈকে ৭-৮ কিলোমিটাৰ খোজ কাঢ়িব লাগে বুলি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে অভিযোগ কৰে।

ছাত্ৰ-ছাত্ৰীসকলৰ এই সমস্যাৰ বিষয়ে আমছুয়ে দৰং জিলা প্ৰশাসনক অৱগত কৰাৰ লগতে বন্ধ কৰি পেলোৱা চাৰিখন বিদ্যালয়ক একলগ কৰি আশ্ৰয় শিবিৰৰ সমীপৰ এখন বিদ্যালয়ৰ সৈতে চামিল কৰি দিবলৈ আহ্বান জনাই আহিছে যদিও প্ৰশাসনে বিষয়টোত কোনো গুৰুত্ব দিয়া নাই বুলি কয়।

ঢলপুৰৰ পৰা উচ্ছেদ হোৱা আটাইবিলাক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পৰাকৈ সমীপৰ বিদ্যালয়সমূহত পৰ্য্যাপ্ত আসন নথকা কথাটো জিলা প্ৰশাসনে স্বীকাৰ কৰে। দৰঙৰ জিলা উপায়ুক্ত পাৰ্বতী থাওচেনে কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাগ্ৰহণৰ সমস্যাটো কিদৰে সমাধান কৰিব পাৰি তাক পৰ্য্যালোচনা কৰাৰ বাবে জিলাখনৰ বিদ্যালয় পৰিদৰ্শকক নিৰ্দেশ দিয়া হৈছে।

‘ছাত্ৰ-ছাত্ৰীসকলক সমীপৰ বিদ্যালয়সমূহত নামভৰ্তি কৰোৱা হ’ব। এতিয়াই গোটেইখিনি ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পৰাকৈ আসনৰ যে ব্যৱস্থা নাই সেইটো মই স্বীকাৰ কৰোঁ। বিদ্যালয় পৰিদৰ্শকক বিষয়টো সমাধান কৰিবলৈ মই ইতিমধ্যে নিৰ্দেশ দিছো।’ তেওঁ কয়।

লগতে পঢ়ক :   সেউজীয়া ধৰণী গঢ়াৰ সপোনৰ মাজত সোণাৰিৰ পদ্মজা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply