ধুবুৰী: অহা ১২ অক্টোবৰত উদ্বোধন দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে উদ্বোধন কৰিব নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেল, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে।

বুধবাৰে ধুবুৰী চিকিৎসা মহাবিদ্যালত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ প্ৰথমখন সভাত অংশগ্ৰহণ কৰে। সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত স্বাস্থ্য মন্ত্ৰীজনে অহা ১২ অক্টোবৰত ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেল উদ্বোধন কৰিব বুলি জনায়।

উল্লেখযোগ্য যে চিকিৎসা মহাবিদ্যালয়খনত অহা ১ নৱেম্বৰৰ পৰা পাঠদান আৰম্ভ হ’ব৷ এই শিক্ষাবৰ্ষত চিকিৎসা মহাবিদ্যালয়খনত এশগৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰা হ’ব আৰু পাঠদান কৰিব পৰাকৈ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে৷

আজিৰ সভাত ১২ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী ৰূপায়ণৰ প্ৰস্তুতি সম্পৰ্কেও আলোচনা কৰা হয়।

লগতে পঢ়ক – গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মণ কৰা হ’ব নতুন দলং: নীতিন গাডকাৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply