শিৱসাগৰ: যোৱা কিছুদিন ধৰি দিখৌ নদীৰ পানীৰ ৰং অস্বাভাৱিকভাৱে সেউজীয়া হৈ পৰাক কেন্দ্ৰ কৰি শিৱসাগৰ জিলাত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে জিলাখনৰ বহু অঞ্চলৰ ৰাইজ চিন্তিত হৈ পৰিছে।
প্ৰাপ্ত তথ্য মতে, ৰঙালী বিহুৰ উৰুকাৰ দিনা ঠায়ে ঠায়ে দিখৌ নদীত মাছ উপঙি থকা দেখা গৈছিল আৰু ইয়াৰ পিছতে নদীৰ পানীৰ ৰং নীলা হৈ তাৰ পিছত সেউজীয়া হৈ পৰা দেখা যায়।
একাংশ লোকে নাগালেণ্ডত থকা মুক্ত কয়লা খনিসমূহৰ পৰা ৰাসায়নিক দ্ৰব্য নদীৰ পানীত মিহলি হৈ এইদৰে ৰং সনলি হৈছে বুলি সন্দেহ কৰিছে। এই ক্ষেত্ৰত বিভিন্ন দল সংগঠনে জিলা প্ৰশাসনক ঘটনাৰ তদন্ত কৰি প্ৰকৃত সত্য উদঘাটন কৰিবলৈ আহ্বান জনাইছে।
সেই মৰ্মে আজি শিৱসাগৰ প্ৰদূৰ্ষণ নিয়ন্ত্ৰণ বৰ্ডৰ এটা দলে আজি দিখৌ নদীৰ পানীৰ নমুনা সংগ্ৰহ কৰে। উক্ত পানী নমুনা শিৱসাগৰৰ গৱেষণাগাৰত পৰীক্ষা কৰাৰ লগতে গুৱাহাটীলৈও পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব বুলি প্ৰদূৰ্ষণ নিয়ন্ত্ৰণ বৰ্ডৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।
দলটোৱে আজি আজি এটা Dissolved oxygen test জানিবলৈ দি বিষয়াই গৰাকীয়ে কয় যে নদীৰ পানীত পৰা এবিধ শেলুৱৈৰ বাবে ইয়াৰ ৰঙৰ পৰিৱৰ্তন ঘটা বুলি অনুমান কৰা হৈছে। তেওঁ দিখৌ নদীৰ পানী স্বাভাৱিক পৰ্যায়ত আছে বুলি জনায়।
”এইসময়ত এই শেলুৱৈবিলাক বাঢ়ি যায় বা ফুলি যায় আৰু ইয়াৰ ৰং নীলা বা সেউজীয়া হয়। সেইবাবে নদীৰ পানী নীলা আৰু সেউজীয়া বৰণ হৈছে,” তেওঁ কয়।
লগতে পঢ়ক – অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগত চাকৰি