কমাৰগাঁও, চন্দন বৰা: বোকাখাত বিধানসভা সমষ্টিৰ দুসুঁতীমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং পাঠৰি চেলেক গাঁৱৰ একমাত্ৰ পথটোৰ জৰাজীৰ্ণ অৱস্থাই অঞ্চলবাসীক যমৰ যান্ত্ৰনা দি আহিছে।

আজি গাঁওখনৰ জৰাজীৰ্ণ পথটো দুই নং পাঠৰি চেলেক গাঁৱৰ যুৱক সংঘৰ উদ্যোগত স্থানীয় ৰাইজে মেৰামতিৰ ব্যৱস্থা কৰে।

আনহাতে, পথ মেৰামতিস্থলীৰ পৰাই অঞ্চলটোৰ ৰাইজে সমষ্টিৰ বিধায়ক অতুল বৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়, “আমি লাজ পাইছো,আমাৰ সমষ্টিত এগৰাকী মন্ত্ৰী থাকিও আমাৰ ৰাস্তাটোৰ এই অৱস্থা।‘’

দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো গাঁওখনৰ মূল পথটো নিৰ্মাণৰ ক্ষেত্ৰত সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

‘’দহ বছৰে কেবিনেট মন্ত্ৰী হৈ থাকি আমাৰ ৰাস্তাটো বনাব নোৱৰাটো দুৰ্ভাগ্যজন। অতুল বৰাই নিজেই লাজ পাব লাগে কাৰণ এই ৰাস্তাটোৰে ছাত্ৰ ছাত্ৰী, ৰোগী যাব নোৱাৰে, গাড়ী নাহে,গৰ্ভৱতী মহিলাক  ঠেলাত নিব লাগে, এইটো আমাৰ বিষয়ে লাজৰ কথা নহয়, এইটো অতুল বৰাৰ বাবেহে লাজৰ কথা,’’ অঞ্চলটোৰ লোকে এইদৰে কয়।

লগতে পঢ়ক – খুমটাইৰ বাদুলিপাৰত পথ দুৰ্ঘটনা; থিতাতে নিহত এজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply