গুৱাহাটী – অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা কাইলৈ অৰ্থাৎ ২১ আগষ্ট আৰু ২৮ আগষ্টত সমগ্ৰ ৰাজ্যৰ ১২৫৮ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব। কালি এক জৰুৰী সংবাদমেল সম্বোধন কৰি এই পৰীক্ষাৰ তদাৰকী প্ৰতিষ্ঠান ছেবাৰ সচিব অধ্যক্ষ ৰমেশ চান্দ জৈনে কয় যে পৰীক্ষা কঠোৰ সতৰ্কতাৰে অনুষ্ঠিত হ’ব আৰু পৰীক্ষাৰ সময়ত কোনো অশুভ ঘটনা সংঘটিত হ’ব নোৱাৰে।
কাইলৈৰ পৰীক্ষাত কোনবোৰ দিশ পৰীক্ষাৰ্থীসকলে মনত ৰাখিব লাগিব সেই সম্পৰ্কেও বাখ্যা আগবঢ়ায় জৈনে –
১) মোবাইল ফোন বন্ধ থাকিলেও ছাত্র-ছাত্রীসকলক মোবাইল ফোন আনিবলৈ দিয়া নহ’ব ৷
২) পৰীক্ষাৰ্থীসকলে কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী যেনে এটা স্মাৰ্টৱাচ, হেল্থ বেণ্ড, ইলেক্ট্ৰিক স্কেনাৰ, ব্লুটুথ ডিভাইচ, মাইক্ৰ’ফোন আদি নিব নোৱাৰিব।
৩) প্ৰাৰ্থীসকলে ছপা বা লিখিত কিতাপকে ধৰি কেলকুলেটৰ, পেন ড্ৰাইভ, পেপাৰ শ্বীট আদি নিব নোৱাৰিব।
৪) কোনো পৰীক্ষাৰ্থীৰ পৰা যদিহে এইধৰণৰ সামগ্ৰী কেন্দ্ৰৰ ভিতৰত উদ্ধাৰ হয় তেন্তে আইনগত ব্যৱস্থাৰ সন্মুখীন হ’ব ৷ অৱশ্যে বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰা হৈছে।
৫) প্ৰাৰ্থীসকলে সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰদান কৰা এডমিট কাৰ্ডৰ উপৰি কলম, পেঞ্চিল, ইৰেজাৰ, ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড নিব পাৰিব।
৬) পৰীক্ষাৰ অন্তত পৰীক্ষাৰ্থীয়ে OMR উত্তৰ বহী আৰু প্ৰশ্নকাকত জমা দিব লাগিব। অন্যথা প্ৰাৰ্থীজন অনুপস্থিত বুলি গণ্য কৰা হ’ব।
৭) পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া ২৪ খন জিলাত ২১ আগষ্টত দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ, পুনৰ ২ বজাৰ পৰা ৪ বজালৈ বন্ধ থাকিব ইন্টাৰনেট সেৱা৷
৮) ২৮ আগষ্টতো দিনৰ ১০ বজাৰ পৰা ১২ লৈ, আকৌ ২ বজাৰ পৰা ৪ বজালৈকে ইণ্টাৰনেট সেৱা বন্ধ থাকিব ।
৯) পৰীক্ষা কেন্দ্ৰসমূহৰ চাৰিওফালে ১০০ মিটাৰ ব্যাসৰ ভিতৰত ১৪৪ ধাৰা জাৰি কৰা হ’ব।
১০) অসমীয়া, ইংৰাজী, বড়ো, বাংলা আৰু হিন্দী ভাষাত হ’ব প্ৰশ্নকাকতসমূহ।
উল্লেখ্য যে এইবাৰৰ পৰীক্ষা ৪৮ টা বিভাগৰ বাবে পৃথকে পৃথকে নহৈ একেটা পৰীক্ষাৰ পৰা বাচনি কৰা হ’ব। দুয়োটা বৰ্গৰ লিখিত পৰীক্ষাসমূহ ছেবাৰ দ্বাৰা সম্পন্ন হ’ব । ইতিমধ্যে পৰীক্ষাৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি সম্পন্ন হৈছে।
২১ আগষ্টত ২৪ খন, ২৮ আগষ্টত ২৫ খন জিলাত আৰু ১১ ছেপ্তেম্বৰত ২৩ খন জিলাত হ’ব পৰীক্ষা । চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ দুটা পৰ্যায়ত আৰু তৃতীয় বৰ্গৰ পৰীক্ষাসমূহ তিনিটা পৰ্যায় অনুষ্ঠিত হ’ব। মুঠ ৩,০২৬ টা কেন্দ্ৰত হ’ব পৰীক্ষা। মুঠ ১৪ লাখ ৩০ হাজাৰ ৪৩৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব এই দুয়োটা বৰ্গৰ পৰীক্ষাত। প্ৰতিখন জিলালৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা একোজনকৈ উচ্চপদস্থ বিষয়া আৰু ছেবাৰ তৰফৰ পৰা একোজন ৰাজপত্ৰিত বিষয়া প্ৰেৰণ কৰা হ’ব। ছেবাই আনবোৰ পৰীক্ষাত যিবোৰ ভাষাত প্ৰশ্ন কাকত তৈয়াৰ কৰে সেইদৰে এই নিযুক্তি পৰীক্ষাতো অসমীয়া, ইংৰাজী, বড়ো, বাংলা আৰু হিন্দী ভাষাত হ’ব প্ৰশ্নকাকতসমূহ।