নিউজ ডেস্ক : ফৰেনচিক বিজ্ঞান সঞ্চালকালয়, অসমে এক বিজ্ঞাপন জৰিয়তে বিভাগটোত খালী হৈ থকা ৪০ টা পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে ২৯ অক্টোবৰৰ ভিতৰত আৱেদন কৰিব লাগিব।
পদসমূহ হৈছে বৈজ্ঞানিক সহায়কৰ ৩৬ টা পদ আৰু কনিষ্ঠ সহকাৰীৰ ৪ টা পদ।
দৰমহা কনিষ্ঠ সহকাৰীৰ বাবে ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকাৰ ভিতৰত। গ্ৰেড পে’ ৭৬০০ টকা। প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব।
বয়সৰ ক্ষেত্ৰত অবি্চি প্ৰাৰ্থীৰ বাবে ৩ বছৰ আৰু এছ চি, এছ টি প্ৰাৰ্থীৰ বাবে ৫ বছৰৰ ৰেহাই থাকিব।
আগ্ৰহী প্ৰাৰ্থীসকলে তলৰ ঠিকনাত আৱেদন পত্ৰ জমা দিব লাগিব।
Director,
Directorate of Forensic Science, Assam,
Kahilipara, Guwahati — 781018.
আগ্ৰহী প্ৰাৰ্থীসকলে তলৰ ঠিকনাত আৱেদন পত্ৰ জমা দিব লাগিব।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাকে ধৰি আন বিতং তথ্যৰ বাবে বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : অসমৰ পৰা দুগৰাকী বাংলাদেশী নাগৰিকক বিতাড়ন