সোণাৰি: ৰাজ্যিক ধপাত নিয়ন্ত্ৰণ কোষ, অসম আৰু ইউনিয়ন তথা চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া উদ্যোগত আয়োজন কৰা জিলা পৰ্যায়ৰ চেনচিটাইজেচন কৰ্মশালাখন আজি চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্য্যালয় সভাকক্ষত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই।
উদ্বোধনী ভাষণত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ শিক্ষা বিভাগৰ বিষয়া, কলেজৰ অধ্যক্ষ আৰু বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক সকলৰ সৈতে সভা আহ্বান কৰি সষ্টম শ্ৰেণীৰ পৰা মহাবিদ্যালয়ৰ স্নাতক পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ধপাতৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰিবলৈ উদ্যোক্তাসকলৰ প্ৰতি বিশেষভাৱে আহ্বান জনায়।
কৰ্মশালাখনত ৰাজ্যিক পৰ্যায়ৰ সমল ব্যক্তি আৰজু দত্তই অংশগ্ৰহণ কৰি কয় যে, ৰাজ্যখনক ধপাতমুক্ত কৰি এখন সুস্থ ৰাজ্যৰূপে গঢ় দিয়াত ৰাজ্যখনৰ সকলো জনসাধাৰণৰ প্ৰতি আহ্বান জনোৱাৰ উপৰিও ৰাজহুৱা স্থান বা যিকোনো স্থানত ধপাত সেৱন কৰাৰ বিৰুদ্ধে ২০০ টকাৰ জৰিমনা বিহাৰ লগতে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য আগবঢ়ায়।
কৰ্মশালাত অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া, সহকাৰী আয়ুক্ত জাহ্নবী গোস্বামী, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা০ তৌফিক হুচেইন, নডেল বিষয়া ডা০ হেমন্ত শ্যাম, মহকুমা স্বাস্থ্য বিষয়া, জ্যেষ্ঠ সাংবাদিক আলিম আহমেদ, নবুল কোঁৱৰ, মৃত্যুঞ্ছয় দাস, হানচেং কোঁৱৰ, অভিজিত ভুঞা, এন,টি চি পি ৰ কো-অৰডিনেটৰ ৰুধিৰ শৰ্মাও উপস্থিত আছিল।
কৰ্মশালাখনত আদৰণি ভাষণ আগবঢ়াই অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈয়ে।
লগতে পঢ়ক – শ্বীনা বৰাৰ হত্যাৰ গোচৰত জামিন লাভ ইন্দ্ৰানী মুখাৰ্জীৰ