সোণাৰি : ৰাজ্যজুৰি আজি বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চুকাফাক সোঁৱৰণ কৰে অসমবাসীয়ে। সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৌজন্যত চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত কেন্দ্ৰীয় ভাৱে চুকাফা দিৱস উদযাপন কৰা হয়।
দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা চুকাফা দিৱসৰ কাৰ্যসূচীত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে বহুকেইটা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।
বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানত জিলিকি উঠে চুকাফা দিৱসস্থলী।
আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত সোণাৰিত অনুষ্ঠিত চুকাফা দিৱসৰ মঞ্চৰ পৰাই সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ো চুকাফাৰ মৈদাম সংৰক্ষণ কৰিবলৈ দাবী উত্থাপন কৰিছে।
লগতে পঢ়ক : কিয় দেশ এৰিব বিচাৰিছে ভাৰতীয় নাগৰিকে