নিউজ ডেস্ক : পাৰ্বত্য জিলা ডিমা হাচাওৰ দুৰ্ধৰ্ষ বিদ্ৰোহী সংগঠন DNLA-এ যুদ্ধবিৰতি ঘোষণা কৰিছে।

মঙলবাৰে সংগঠনটোৰ প্ৰচাৰ সম্পাদক এম আৰ ডিমাছা স্বাক্ষৰিত এক প্ৰেছ বিবৃতিত এই কথা জানিব দিয়া হৈছে৷

বিবৃতি অনুসৰি ৭ ছেপ্টেম্বৰৰ পৰা অহা ছমাহলৈ সংগঠনটোৱে যুদ্ধবিৰতি ঘোষণা কৰে৷

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শান্তিৰ বাতাবৰণ গঢ়ি তুলিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই সংগঠনটোৱে এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে৷

উল্লেখযোগ্য যে যোৱা ২৬ আগষ্টৰ নিশা ডিমাছা বিদ্ৰোহী সংগঠন DNLA- সন্দেহযুক্ত উগ্ৰপন্থীয়ে এখন কয়লাভৰ্তি ট্ৰাক গাড়ীচালক আৰু হেন্দিমেনৰ সৈতে জ্বলাই দিয়াৰ লগতে ৫খন ডালমিয়া চিমেন্টৰ গাড়ী জ্বলাই দিছিল।

যোৱা ২ ছেপ্টেম্বৰত ডিমা হাচাওৰ পাঁচটাকৈ জাতীয় সংগঠনে এক সংবাদমেল অনুষ্ঠিত কৰি বিদ্ৰোহী সংগঠনটোক শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছিল।

লগতে পঢ়ক :  নিমাতীঘাট ফেৰী দুৰ্ঘটনা : আভ্যন্তৰীন জলপৰিবহনৰ তিনি বিষয়াক নিলম্বন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,283 other subscribers

Leave a comment

Leave a Reply