ডাঃ সেউজ কুমাৰ সেনাপতি

নিউজ ডেস্ক : ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে হোজাইত এজন কৰ্তব্যৰত চিকিৎসকৰ ওপৰত সংঘটিত শাৰীৰিক আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে কি ব্যৱস্থা হাতত লৈছে তাৰ এক প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছে। অহা ৪ সপ্তাহৰ ভিতৰত আয়োগে চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে।

শুকুৰবাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ এগৰাকী বিষয়াই নতুন দিল্লীত এই কথা সদৰী কৰে।

উল্লেখযোগ্য যে যোৱা ১ জুনত হোজাইৰ ওদালি আদৰ্শ চিকিৎসালয়ত ডাঃ সেউজ কুমাৰ সেনাপতি নামৰ কনিষ্ঠ চিকিৎসকক গৰাকীক ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন লোকৰ আত্মীয়সহ একাংশ লোকে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছিল।

লগতে পঢ়ক : বিক্ষিপ্ত, উদ্ভট : কিদৰে বামুণী পাহাৰত ১৮ টা হাতীৰ মৃত্যু হৈছিল?

আক্ৰমণৰ ভিডিঅ’ পিছত ভাইৰেল হৈ পৰাৰ লগে লগে ঘটনাটোক লৈ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

উক্ত ঘটনাৰ পিছতে স্নেহা কলিতা নামৰ এগৰাকী ব্যক্তিয়ে ২ জুনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক এখন পত্ৰ যোগে বিষয় হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়। উক্ত পত্ৰৰ এক প্ৰতিলিপি ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰা হৈছে বুলি বিষয়া গৰাকীয়ে উল্লেখ কৰি অসম চৰকাৰক ৪ সপ্তাহৰ ভিতৰত নিজৰ প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে অসম আৰক্ষীয়ে যোৱা বুধবাৰে উক্ত ঘটনাৰ সৈতে জড়িত ২৪জন লোকক গ্ৰেপ্তাৰ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply