নিউজ ডেস্ক : গুৱাহাটীস্থ অসম ডাউন টাউন বিশ্ববিদ্যালয়ে অনুসুচিত জাতি (SC), অনুসুচিত জনজাতি (ST), আন আন পিছপৰা শ্ৰেণী (OBC) আৰু সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰসকলৰ বাবে এক মেগা আৰ্থিক সাহায্য আগবেঢ়েৱাৰ কথা ঘোষণা কৰিছে।
মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে উক্ত স্কলাৰশ্বিপৰ বাবে আৱেদন কৰিব পাৰে। যোগ্যতা সম্পন্ন প্ৰাৰ্থীসকলক বিশ্ববিদ্যালয়খনে তেওঁলোকৰ পাঠ্যক্ৰম আটাইকেইটা ছিমেষ্টাৰৰ টিউচন ফী ৰেহাই দিয়া হ’ব।
অৱশ্য প্ৰাৰ্থীসকলে প্ৰতিটো ছিমেষ্টাৰ আৰম্ভ হোৱাৰ লগে লগে বা আগেয়ে চিকুউৰিটি ডিপ’জিত, নামভৰ্তি মাচুল, পঞ্জীয়ন মাচুল আৰু প্ৰশাসনিক মাচুল আদায় কৰিব লাগিব।
একাদশ, দ্বাদশ শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতক, স্নাতকোত্তৰ, কাৰিকৰী বা বৃত্তিমূলক প্ৰাঠ্যক্ৰম, এম ফিল বা পি এইচ ডি ছাত্ৰ-ছাত্ৰী উক্ত স্কলাৰশ্বিপৰ বাব আৱেদন কৰিব পাৰে।
ইয়াৰ উপৰি ভাৰত চৰকাৰৰ ফালৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগবঢ়োৱা ছাত্ৰবৃত্তি লাভ নকৰা ছাত্ৰ-ছাত্ৰীসকলেও উক্ত স্কলাৰশ্বিপৰ বাবে আৱেদন কৰিব পাৰে।
ইচ্ছুক প্ৰাৰ্থীসকলে অধিক তথ্যৰ বাবে +91 90850 59777 ফোন নম্বৰত যোগাযোগ কৰিব পাৰে।
লগতে পঢ়ক : থাওৰা এৰি নিদিয়ে ৰাইজৰ দলে কংগ্ৰেছৰ সৈতে মিত্ৰতা অনিশ্চয়তাত