মঙলদৈ, প্ৰবীণ বৰুৱা: নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি মঙলদৈ নিৰ্বাচনী জিলাৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টিৰ (৬৫ নং কলাইগাওঁ, ৬৬ নং ছিপাঝাৰ, ৬৭ মঙলদৈ আৰু ৬৮ নং দলগাঁও) ২০২৩ বৰ্ষৰ খচৰা ভোটাৰ তালিকা বুধবাৰে দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়।

নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি নতুন খচৰা ভোটাৰ তালিকা মতে নিৰ্বাচনী জিলাখনত মুঠ ভোটদাতাৰ সংখ্যা ৮,৭১,৪৩১ গৰাকী। ইয়াৰে ৪,৪২,০০১ জন পুৰুষ, ৪,২৯,৪১০ গৰাকী মহিলা আৰু ২০ গৰাকী তৃতীয় লিঙ্গৰ ভোটাৰ। নতুন ভোটাৰ তালিকা অনুসৰি কলাইগাওঁ সমষ্টিত মুঠ ১,৮৬,৬১৫ সংখ্যক ভোটাৰৰ ৯৪,১৯৪ জন পুৰুষ আৰু ৯২,৪১৯ গৰাকী মহিলা ভোটাৰ। একেদৰে ছিপাঝাৰ সমষ্টিত মুঠ ১,৮২,৫২২ সংখ্যক ভোটাৰৰ ৯৩,২৭৫জন পুৰুষ আৰু মহিলা ভোটাৰৰ সংখ্যা ৮৯,২৪০ গৰাকী।

মঙলদৈ সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৪৬,৭২০। ইয়াৰে পুৰুষ ভোটাৰ হৈছে ১,২৪,৬০১ জন আৰু মহিলা ভোটাৰ হৈছে ১,২২,১১৬ গৰাকী। তদুপৰি দলগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৫৫,৫৭৪, ইয়াৰে পুৰুষ ভোটাৰ হৈছে ১,২৯,৯৩১ জন আৰু মহিলা ভোটাৰ হৈছে ১,২৫,৬৩৫ গৰাকী। 

এই খচৰা ভোটাৰ তালিকাত যোৱা বছৰৰ চূড়ান্ত ভোটাৰ তালিকাৰ তুলনাত ৭৬০৯ গৰাকী নতুন ভোটাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

জিলাখনৰ অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ বৰাই জনোৱা অনুসৰি আজি প্ৰকাশিত খচৰা ভোটাৰ তালিকাত যদি কোনো যোগ্য ব্যক্তিৰ নাম অন্তৰ্ভূক্ত হোৱা নাই আৰু অন্তৰ্ভুক্ত কৰিব বিচাৰে, অন্তৰ্ভুক্ত হোৱা নাম কৰ্তন, শুধৰণি আদি সন্দৰ্ভত দাবী আৰু আপত্তি অহা ৮ ডিচেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব।

নিৰ্বাচনী বিষয়া প্ৰাঞ্জল প্ৰান শইকীয়াই জানিবলৈ দিয়া মতে আবেদনকাৰীসকলে www.nvsp.in বা voters.eci.gov.in অথবা ভোটাৰ হেল্পলাইন এপৰ জৰিয়তেও আবেদন কৰিব পাৰিব। এনে আৱেদন সংশ্লিষ্ট সমষ্টিৰ নিৰ্বাচন পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় বা কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব।

লগতে ২৬ ডিচেম্বৰৰ ভিতৰত সকলোধৰণৰ ওজৰ-আপত্তি নিষ্পত্তি কৰি ২০২৩ বৰ্ষৰ  ৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি তেখেতে জানিবলৈ দিয়ে। ইতিমধ্যে বুথ লেভেল পৰ্যায়ত আৰু বিদ্যালয়সমূহত সজাগতা অনাৰ বাবে প্ৰচাৰ অভিযান চলি আছে।

উক্ত ভোটাৰ তালিকা প্ৰকাশ কাৰ্য্যসূচী উপলক্ষে এখন সংবাদমেল অনুষ্ঠিত হয় আৰু ভোটাৰ তালিকা সন্দৰ্ভত তথ্যসমূহ তেওঁলোকক অৱগত কৰা হয়।

আজি ভোটাৰ তালিকা প্ৰকাশ কাৰ্যসূচীত জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ বৰা, নিৰ্বাচনী বিষয়া প্ৰাঞ্জল প্ৰান শইকীয়াৰ লগতে সহকাৰী আয়ুক্ত তথা  ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া মনিকা বৰগোঁহাইৰ লগতে ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

লগতে পঢ়ক – কেবিনেট বৈঠকঃ APDCLৰ স্মাৰ্ট মিটাৰ, আৰক্ষী হ’ব শক্তিশালী, APS-ACS বিষয়াৰ পদোন্নতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply