শিৱসাগৰ : আৰক্ষীৰে হোৱা এক সংঘৰ্ষত শিৱসাগৰ জিলাৰ গেলেকীত আজি অসম আৰক্ষীৰ গুলীত বুবু কোঁৱৰ নামৰ এজন ‘মষ্ট ৱান্টেড’ অপৰাধীৰ মৃত্যু হয়। নিহত বুবু কোঁৱৰ ৪৫ টা গোচৰত অভিযুক্ত আছিল বুলি জানিব পৰা গৈছে।
কোঁৱৰে দেওপানী অঞ্চলত এটা বস্তিত আশ্ৰয় লৈ থকা খবৰ লাভ কৰি গেলেকী আৰু শিৱসাগৰ আৰক্ষীয়ে অভিযান চলায় বুলি শিৱসাগৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশ্বনে জানিবলৈ দিয়ে।
অৰক্ষীৰ দলক আক্ৰমণৰ চেষ্টা চলাওঁতে হোৱা এক সংঘৰ্ষত ৪৫ বছৰীয়া অপৰাধীজন গুৰুতৰভাৱে আহত হৈছিল। পিছত তেওঁক গেলেকী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
লগতে পঢ়ক : ২৮টা স্বৰ্ণ বিজয়ী আন্তঃৰাষ্ট্ৰীয় পাৰালিম্পিক শ্বুটাৰ এতিয়া ৰাষ্টাৰ চিপছ বিক্ৰেতা!
বুবু কোঁৱৰৰ পৰা আৰক্ষীয়ে এটা পিষ্টল জব্দ কৰে।
অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰ যোগে অপৰাধীজনৰ সৈতে হোৱা সংঘৰ্ষৰ কথা সদৰী কৰিছিল। এক টুইটত তেওঁ কয়, ‘গেলেকীত শিৱসাগৰ আৰক্ষীৰ সৈতে হোৱা এক সংঘৰ্ষত বুবু কোঁৱৰ নামৰ এজন কুখ্যাত অপৰাধী গুৰুতৰভাৱে আহত হৈছে, তেওঁ আৰক্ষী দলক আক্ৰমণৰ চেষ্টা চলাইছিল। তেওঁক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে,’
আন্তঃৰাজ্যিক গাড়ীচোৰ লগতে বহুকেইটা হত্যাকাণ্ড আৰু লগতে কেইবাটাও অপৰাধী কাৰ্য্যকলাপৰ লগত জড়িত ব্যক্তিজন ড্ৰাগছ হানিটেপীং আদিত জড়িত থকাৰ উপৰিও জেললৈও যাব লগা হৈছিল।