গুৱাহাটী: মঙলবাৰে নিশা গুৱাহাটীত উপস্থিত হয় এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু। অহা ১৮ জুলাইত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থন বিচাৰি মুৰ্মু গুৱাহাটীতলৈ আহিছে।
দ্ৰৌপদী মুৰ্মুয়ে গুৱাহাটীত শাসকীয় বিজেপি দলৰ লগতে অগপ আৰু ইউ পি পি এলৰ সাংসদ আৰু বিধায়কসকলক সাক্ষাৎ কৰিব।
যোৱা নিশা ইম্ফলৰ পৰা গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱা মুৰ্মু আৰু তেওঁৰ সৈতে অহা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিমানবন্দৰৰ পৰা আদৰি আনে।
এক দলীয় সূত্ৰই জনোৱা মতে, আজি মহানগৰীৰ এখন হোটেলত বিজেপি আৰু ইয়াৰ মিত্ৰ দলৰ সাংসদ-বিধায়কৰ সৈতে দ্ৰৌপদী মুৰ্মুয়ে বৈঠকত মিলিত হ’ব।
উল্লেখ্য যে লোকসভাত বিজেপিৰ ৯ জন সাংসদ থকাৰ বিপৰীতে ৰাজ্যসভাত ৪জন সাংসদ আছে। আনহাতে ৰাজ্যসভাত অগপ আৰু ইউ পি পি এলৰ এজনকৈ সাংসদ আছে।
ইপিনে, ১২৬ জনীয়া অসম বিধানসভাত এন ডি এৰ ৭৮জন বিধায়ক আছে, ইয়াৰে ভিতৰত বিজেপিৰ ৬২ জন বিধায়ক আৰু মিত্ৰশক্তি অগপ আৰু ইউ পি পি এলৰ ক্ৰমে ৯ জন আৰু ৭ জন বিধায়ক আছে।
আনহাতে, এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলেও তেওঁৰ দলেও মুৰ্মুক সমৰ্থন কৰিব বুলি অলপতে মন্তব্য কৰিছিল।
অসমত এ আই ইউ ডি এফৰ ১৫ জন বিধায়কৰ থকাৰ বিপৰীতে লোকসভাত আজমলক দলটোৰ একমাত্ৰ সাংসদ হিচাপে আছে।
লগতে পঢ়ক – বিদ্যালয় একত্ৰীকৰণক লৈ মুদৈজানত ৰাইজৰ প্ৰতিবাদ