নিউজ ডেস্ক: নগাঁও জিলা দণ্ডাধিশৰ আদালতে ড্ৰাগছ সৰবৰাহত দোষী সাব্যস্ত হোৱা এজন ব্যক্তিক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰিছে।

নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ নীলকমল নাথে শনিবাৰে হাবিল আলী নামৰ লোকজনৰ ওপৰত ৩ লাখ টকাৰ জৰিমনা আৰোপ কৰে, যদিহে উক্ত ধনৰাশি পৰিশোধ কৰাত ব্যৰ্থ হয় তেন্তে তেওঁ অতিৰিক্ত ১৮ মাহ কাৰাগাৰত কটাব লাগিব।

জানিব পৰা মতে অসম আৰক্ষীৰ এটা দলে ২০২০ চনৰ ডিচেম্বৰত আলীক তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁৰ পৰা নগদ ১০ লাখ টকাৰ লগতে প্ৰায় ২.৫ কোটি টকাৰ ব্ৰাউন চুগাৰ আৰু গাঁজা জব্দ কৰিছিল।

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি আদালতৰ এই ৰায়ক আদৰণি জনাইছে। 

“ভাল খবৰ… ড্ৰাগছৰ বিপদৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ প্ৰচেষ্টাক এক ডাঙৰ উৎসাহ যোগাই ড্ৰাগছ সৰবৰাহকাৰী হাবিল আলীক ২০ বছৰৰ বাবে কাৰাদণ্ড বিহা হয়। তেওঁ ২ কিলোগ্ৰাম হেৰোইন, ১০০ কিলোগ্ৰাম গাঞ্জা, ১ কিলোগ্ৰাম আফিম, ১০ লাখ টকাৰ নগদ ধন সৰবৰাহ কৰাৰ অপৰাধত @nagaonpolice-ৰ হাতত ধৰা পৰিছিল,” মুখ্য মন্ত্ৰীয়ে কয়।

লগতে পঢ়ক – মোডী চৰকাৰে উত্তৰ-পূবত শান্তি প্ৰতিষ্ঠা কৰিলে : অমিত শ্বাহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply