নিউজ ডেস্ক: বুধবাৰে নিশা ৰাজ্যত সংঘটিত হয় আন এক এনকাউন্টাৰৰ ঘটনা। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত সংঘটিত হয় উক্ত এনকাউন্টাৰটো সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে সুমন নমু নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে তেওঁৰ ভৰিত গুলী কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে আৰক্ষীয়ে বুধবাৰে নিশা এখন ট্ৰাকৰ পৰা ৩৫০ কেজি গাঞ্জাসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল, উদ্ধাৰ কৰা গাঞ্জাখিনিৰ মূল্য ৪ কোটি টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক সুমন নমু আৰু ৰাহুল সৰকাৰ বুলি চিনাক্ত কৰা হৈছে।

আহত ড্ৰাগছ সৰবৰাহকাৰীজনক পিছত বৰপেটাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আনহাতে আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনত কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে।

লগতে পঢ়ক – নাম সলনি; মুখ্য মন্ত্ৰীৰ ঘোষণাৰ পিছতেই ঠাইৰ পুনঃ নামাকৰণকলৈ ব্যাপক চৰ্চা!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply